Class 6 Assamese question answer Chapter 15 | lesson 15 মহো হো গীত | Alusona.con
ষষ্ঠ শ্ৰেণী/অসমীয়া পাঠ নং ১৫ মহো-হো গীত ১/পাঠত দিয়া মহো-হো গীতটোত দুবিধ কৃষি সঁজুলিৰ নাম আছে।সঁজুলি দুবিধ কি কি? উত্তৰ=সঁজুলি দুবিধ হ'ল নাঙল আৰু মৈ। ২/উত্তৰ দিয়া। (ক)মহ মাৰিবলৈ চেমনীয়াহঁতে হাতে হাতে কি লৈছে? উত্তৰ=মহ মাৰিবলৈ চেমনীয়াহঁতে হাতে হাতে টকান লৈছে। (খ)হিদাল গছত গা ঘহাওঁতে কি হ'ল? উত্তৰ=হিদাল গছত গা ঘহাওঁতে হিদেলি গছ পৰিল। (গ)মহ খেদিবলৈ যোৱা ল'ৰাহঁতক গৃহস্থই চাউলৰ সলনি কি দিছে? উত্তৰ=মহ খেদিবলৈ যোৱা ল'ৰাহঁতক গৃহস্থই চাউলৰ সলনি কড়ি দিছে। (ঘ)'টাকা' আৰু 'সিকি' মানে কি? উত্তৰ='টাকা' মানে হ'ল— টকা আৰু 'সিকি' মানে হ'ল— পঁচিশ পইচাৰ মুদ্ৰা। (ঙ)মহো-হো গীতটোত উল্লেখ থকা নৈখনৰ নাম লিখা। উত্তৰ=মহো-হো গীতটোত উল্লেখ থকা নৈখনৰ নাম হ'ল বুঢ়াদিয়া। ৩/তলৰ পদবোৰত কি কি বিভক্তি যুক্ত হৈছে লিখা। উত্তৰ= পদ ----------------------- বিভক্তি ------------------------------------------------- মাকোক -------- দ্বিতীয় বিভক্তি। টেপৰত ------ সপ্তমী বিভক্তি। ৰূপাৰ ----- ষষ্ঠী বিভক্তি। সিৰালে ----- প্ৰথমা বিভক্তি। সোণাৰ ----- ...