বুধিয়ক বীৰবল | Class 6 assamese chapter 2 question answer
৩। কোৱা আৰু লিখাঃ
(ক) অৰণ্যত চিকাৰ কৰি কোনে ভাল পাইছিল?
উত্তৰঃ চিকাৰ কৰি আকবৰে ভাল পাইছিল।
(খ) ফেঁচা দুটাই কুৰুলিয়াই থকা দেখি আকবৰে কি সুধিছিল?
উত্তৰঃ ফেঁচা দুটাই কুৰুলিয়াই থকা দেখি আকবৰে বীৰবলক সুধিছিল যে ''বীৰবল, তুমিতো পশু-পক্ষীৰ মাত বুজি পোৱা! কোৱাচোন, ফেঁচা দুটাই কি কথা পাতি আছে।''
(গ) আকবৰৰ প্ৰশ্নৰ উত্তৰত বীৰবলে কি কৈছিল?
উত্তৰঃ আকবৰৰ প্ৰশ্নৰ উত্তৰত বীৰবলে কলে যে "জাহাপনা, ফেঁচা দুটা দুখন অৰণ্যৰ ৰজা। সিহঁতে দুয়োৰে সন্তানৰ মাজত বিয়া পতাৰ কথা আলোচনা কৰি আছে।
(ঘ) পশু-পক্ষী নোহোৱা কেইখন অৰণ্য দিব পৰা যাব বুলি ৰাজকোঁৱৰৰ পিতৃয়ে সুধিছিল?
উত্তৰঃ পশু-পক্ষী নোহোৱা তেনে অৰণ্য চল্লিশখন দিব পৰা যাবনে বুলি ৰাজকোঁৱৰৰ পিতৃয়ে সুধিছিল।
(ঙ) ৰাজকন্যাৰ পিতাকে বৰ্তমান কেইখন তেনে অৰণ্য দিব পাৰিব বুলি কৈছিল?
উত্তৰঃ ৰাজকন্যাৰ পিতাকে বৰ্তমান পঁচিশখনমানহে তেনে অৰণ্য দিব পাৰিব বুলি কৈছিল।
(চ) ৰাজকন্যাৰ পিতাকে দুমাহ সময় কিয় বিচাৰিছিল?
উত্তৰঃ কাৰণ পশু-পক্ষী নোহোৱা তেনে অৰণ্য পঁচিশখনমানহে আছিল আৰু এই দুই মাহত সম্ৰাটে বাকী থকা অৰণ্য কেইখনৰো পশু-পক্ষী চিকাৰ কৰি নিঃশেষ কৰি দিব। তেতিয়া তেনেকোৱা অৰণ্য পঞ্চাশখনতকৈও অধিক হৈ পৰিব, সেই কাৰণে তেওঁ দুমাহৰ সময় বিচাৰিছিল।
(ছ) অৰণ্যত চিকাৰ কৰি থকিলে পশু-পক্ষী নিঃশেষ হৈ যাব বুলি কোনে কৈছিল?
উত্তৰঃ এই কথাষাৰ চৰাই দুটাৰ পাত্ৰীৰ পিতৃয়ে কৈছিল, কিন্তু বীৰবলে ৰজাক চৰাই মাত বুজি পাই বুলি কৈছিল।
(জ) বীৰবলে কোৱা কথাখিনি শুনি আকবৰে কি উপলব্ধি কৰিলে?
উত্তৰঃ বীৰবলে কোৱা কথাখিনি বুজি পাই উপলব্ধি কৰিলে যে চিকাৰ কৰি থাকিলে অৰণ্যত পশু-পক্ষী নাইকিয়া হৈ পৰিব আৰু প্ৰকৃতিৰ ভাৰাসাম্য নষ্ট হ'ব।
(ঝ) আকবৰে শেষত বীৰবলক কি কথা কৈছিল?
উত্তৰঃ আকবৰে শেষত বীৰবলক এইবুলি কৈছিল যে - "আমাৰ আজিৰ অৰণ্য ভ্ৰমণ বৰ ফলপ্ৰসূ হ'ল আৰু ভবিষ্যতে চিকাৰ কৰাৰ হেঁপাহো মোৰ নাইকিয়া হ'ল।"
৬। কোনে, কাক, কিয় কৈছিল?
(ক) '' কি কাৰণে সি বাৰু বুকু ডাঠি ক'ব পাৰিছে?''
উত্তৰঃ উক্ত কথাষাৰ সম্ৰাট আকবৰে বীৰবলক কৈছিল। যেতিয়া চৰাইকেইটাই কথা পাতি থকা বুলি বীৰবলে আকবৰক কৈছিল যে আৰু দুমাহমান অপেক্ষা কৰিলে পঞ্চাছখনতকৈও অধিক পশু-পক্ষী নোহোৱা ৰাজ্য দিব পাৰিব বুলি কৈছে।
(খ) ''আমাৰ আজিৰ অৰণ্য ভ্ৰমণ ফলপ্ৰসূ হ'ল আৰু ভৱিষ্যতে চিকাৰ কৰাৰ হেঁপাহো মোৰ নাইকিয়া হ'ল। গতিকে ব'লা, ৰাজপ্ৰসাদলৈ উভতি যাওঁ।''
উত্তৰঃ উক্ত কথাষাৰ সম্ৰাট আকবৰে বীৰবলক কৈছিল। কাৰণ বীৰবলে চৰাইৰ মাত বুজি পোৱাৰ ভাওঁ জুৰি সম্ৰাট আকবৰক ফেঁচা দুটাৰ কাহিনীটো ইমান সৰলকৈ কৈছিল যে সেই কাহিনীৰ তাৎপৰ্য আকবৰে হাড়ে হিমজুৰে বুজি পালে। তেওঁ উপলব্ধি কৰিলে যে চিকাৰ কৰি থাকিলে অৰণ্যত পশু পক্ষী আৰু নাথাকিব। আৰু তেনে কৰাৰ ফলত জীৱকুৱৰ ব্যাপক ক্ষতি সাধন হ'ব। সেয়ে আকবৰে বীৰবলক উক্ত কথাখিনি কৈছিল।
১১। বাক্য় ৰচনা কৰা।
কথা-চহকীঃ ৰাম এজন বৰ কথা-চহকী মানুহ।
কথা চোবাঃ কথাা চোবাই ফুৰা স্বভাৱটো বৰ বেয়া স্বভাৱ।
কথা শুনঃ শিক্ষকৰ কথা মনযোগ দি শুনিব লাগে।
কথা ৰাখঃ সন্তানে মাক দেউতাকৰ কথা সদাই ৰাখিব লাগে।
© Copyright applicable
Comments
Post a Comment