মাকনৰ চিঠি | Class 3 Assamese chapter 5 question answer | তৃতীয় শ্ৰেণীৰ অসমীয়া

পাঠ নং ৫
         মাকণৰ চিঠি

উত্তৰ দিয়া-----
১)ক/ মিস্ত্ৰীজনে প্ৰধান শিক্ষকক কাগজত কি লিখি দিছিল? 
উত্তৰ= মিস্ত্ৰীজনে প্ৰধান শিক্ষকক কাগজত তেওঁ কৰা কামৰ বাবদ তেওঁ পাবলগীয়া পইচাৰ হিচাপ লিখি দিছিল।
খ) মিস্ত্ৰীজনে স্কুলত কি কাম কৰিছিল? 
উত্তৰ= মিস্ত্ৰীজনে স্কুলত বেঞ্চ সজা কাম কৰিছিল।
গ) প্ৰধান শিক্ষকে মিস্ত্ৰীজনক টকা কেইটামান দিয়া দেখি মাকণে কি ভাৱিলে? 
উত্তৰ= প্ৰধান শিক্ষকে মিস্ত্ৰীজনক টকা কেইটামান দিয়া দেখি মাকণে  ভাবিলে-'ঘৰত দেখোন তায়ো কাম কৰি মাকক সহায় কৰি দিয়ে; তায়ো তেনেহ'লে মাকৰ  পৰা পইচা বিচাৰিব পাৰে দেখোন! 
২)ক/ স্কুলৰ পৰা আহি মাকণে কি কি কৰিলে? 
উত্তৰ= স্কুলৰ পৰা আহি মাকণে মাকে বাঢ়ি দিয়া ভাতকেইটা তাই খৰধৰ কৈ খালে। আৰু পঢ়া টেবুলত বহি মাকলে চিঠি লিখিলে।
খ) মাকে চিঠিত মাকণৰ বাবে কৰা কি কি কামৰ হিচাপ দিছে? 
উত্তৰ= মাকে চিঠিত মাকণৰ বাবে কৰা কাম বোৰ হ'ল- মাকণক তুলি-তালি আঠবছৰীয়া কৰিলে,কাপোৰ-কানি ধুই দিলে আৰু ভাত ৰান্ধি খোৱালে আদি কামৰ হিচাপ দিছে।
গ) মাকৰ চিঠিখন পঢ়ি মাকণে কি কি শিকিলে? 
উত্তৰ= মাকৰ চিঠিখন পঢ়ি মাকণে চিঠি কেনেকৈ লিখিব লাগে শিকিলে।
৩/ চিঠি লিখোঁতে কালৈ কেনেকৈ সম্বোধন কৰি লিখিবা? 
ক) মাৰালৈ-পূজনীয়া
খ) দেউতাৰালৈ- পূজনীয়
গ) সৰুলৈ- মৰমৰ
ঘ) বন্ধুলৈ- প্ৰিয়
৪/ চিঠি যালৈ লিখা হয় তেওঁৰ ঠিকনা খামৰ ক'ত লিখিব লাগে?
উত্তৰ= চিঠি যালৈ লিখা হয় তেওঁৰ ঠিকনা খামৰ ওপৰত লিখিব লাগে।
৫/ ঠিকনাত কি কি লিখিব লাগে? 
উত্তৰ= ঠিকনাত নাম, গাওঁ/নগৰ, ডাক-ঘৰ, জিলা, পিন আদি লিখিব লাগে।
৬/ খামৰ ওলোটা পিঠিত কাৰ ঠিকনা লিখিব লাগে? 
উত্তৰ= খামৰ ওলোটা পিঠিত নিজৰ নাম লিখিব লাগে।
৭/ চিঠি কেনেকৈ পঠিয়াব লাগে লিখা।
উত্তৰ= ডাক-ঘৰৰ যোগেদি পঠিওৱা চিঠিৰ খামত ডাক-টিকট লগাব লাগে।

© copyright applicable. Please don't uae our content without our permission. Copyright applicable 
Owner-polakh changmai

Comments