Class 6 assamese book Ankuran question answer chapter 7 | Class 6 AssameseLesson 7 question answer
পাঠ নং ৭
ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা
১/উত্তৰ দিয়া।
(ক)লক্ষ্মীনাথ বেজবৰুৱাক কিয় 'ৰসৰাজ' উপাধি দিয়া হৈছিল?
উত্তৰ=লক্ষ্মীনাথ বেজবৰুৱাই লিখা প্ৰায়বোৰ কথাই ৰসেৰে উপচি থকাৰ বাবে তেখেতক 'ৰসৰাজ' উপাধি দিয়া হৈছিল।
(খ)তেখেতৰ আত্মজীৱনীখনৰ নাম কি?
উত্তৰ=তেখেতৰ আত্মজীৱনীখনৰ নাম হ'ল 'মোৰ জীৱন সোঁৱৰণ'।
(গ) লক্ষ্মীনাথ বেজবৰুৱাক কোনে ডাকত চিঠি দিবলৈ দিছিল?
উত্তৰ=লক্ষ্মীনাথ বেজবৰুৱাক বৰবৌৱে অতি সংগোপনে ডাকত চিঠি দিবলৈ দিছিল।
(ঘ)চিঠিখন লক্ষ্মীনাথ বেজবৰুৱাই ক'ত সুমুৱাই দিছিল?
উত্তৰ=চিঠিখন লক্ষ্মীনাথ বেজবৰুৱাই ডাকঘৰৰ সন্মুখতে পৰি থকা ভগা পেৰা এটাৰ ভিতৰত সুমুৱাই দিছিল।
(ঙ)শিশু লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতি কোন দয়াপৰৱশ হৈছিল?
উত্তৰ=শিশু লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতি 'পোষ্ট মাষ্টৰ' দয়াপৰৱশ হৈছিল।
(চ)লক্ষ্মীনাথ বেজবৰুৱাৰ দুখন সাধু পুথিৰ নাম লিখা।
উত্তৰ=লক্ষ্মীনাথ বেজবৰুৱাৰ দুখন সাধু পুথিৰ নাম হ'ল বুঢ়ী আইৰ সাধু আৰু ককাদেউতা আৰু নাতি-ল'ৰা।
২/চমু উত্তৰ দিয়া।
(ক)অসমীয়া ভাষাৰ উন্নতিৰ বাবে লক্ষ্মীনাথ বেজবৰুৱাই কি কৰিছিল?
উত্তৰ=অসমীয়া ভাষা সাহিত্যৰ উন্নতিৰ বাবে লক্ষ্মীনাথ বেজবৰুৱাই যৎপৰোনাস্তি চেষ্টা কৰিছিল।সেই সময়ত কলিকতাত পঢ়ি থকা অসমীয়া ছাত্ৰই অসমীয়া ভাষাৰ উন্নতিৰ বাবে 'অসমীয়া সাহিত্য চ'ৰা' স্থাপন কৰিছিল।এই সাহিত্য চ'ৰাই পাছলৈ 'অসমীয়া ভাষা উন্নতি সাধিনী সভা' ৰূপে প্ৰতিষ্ঠা লাভ কৰে।
(খ)লক্ষ্মীনাথ বেজবৰুৱাক কিয় 'সাহিত্যৰথী' উপাধিৰে সন্মানিত কৰা হৈছিল?
উত্তৰ=লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া সাহিত্যৰ প্ৰায় সকলো দিশলৈ আগবঢ়োৱা বৰঙণিৰ বাবে তেখেতেক 'সাহিত্যৰথী' উপাধিৰে সন্মানিত কৰা হৈছিল।
(গ)'অ' মোৰ আপোনাৰ দেশ' গীতটিক কি সংগীত বোলে?
উত্তৰ='অ' মোৰ আপোনাৰ দেশ'গীতটিক জাতীয় সংগীত বা অসম সংগীত বোলে।
৩/কোনে কাক কি প্ৰসংগত কৈছিল পাঠৰ আধাৰত লিখা।
"সেইখন চিঠি ডাকত দিবলৈ আনি তাত সুমাই দিলা কিয়?"
উত্তৰ=উক্ত কথাষাৰ ডাকঘৰত থকা এজন মানুহে শিশু লক্ষ্মীনাথ বেজবৰুৱাক কৈছিল।
এদিন লক্ষ্মীনাথ বেজবৰুৱাৰ বৰবৌৱে তেওঁক অতি সংগোপনে এখন চিঠি ডাক দিবলৈ দিছিল।কিন্ত তেখেতে ডাকঘৰলৈ গৈ চিঠিখন ক'ত সুমুৱাই দিব লাগে তাকে নাজানি ডাকঘৰৰ সন্মুখতে পৰি থকা ভগা পেৰা এটাৰ ভিতৰত সুমুৱাই দিলে।তেতিয়াই ওচৰতে মানুহ এজনে বেজবৰুৱাক ভুলটো দেখুৱাই দি উক্ত কথাষাৰ কৈছিল।
৪/পাঠত থকা কঠিন শব্দৰ অৰ্থ লিখা।
উত্তৰ=
শব্দ --------------------------- অৰ্থ
সংগোপন --- লুকাই,মনে মনে।
তত্ত্বগধুৰ ----- তত্ত্বৰে সমৃদ্ধ।
দয়াপৰৱশ --- কৃপাযুক্ত,দয়াযুক্ত।
পৰিগণিত ---- এটালৈ সলনি হোৱা।
নিশ্চিন্ত ----- চিন্তাশূন্য,ভাৱনা নথকা।
যৎপৰোনাস্তি -- যথাসাধ্য,অনিশয়।
হাস্যব্যংগাত্মক ---- হাঁহিৰ লগত ঠাট্টা-
বিদ্ৰোপ থকা।
সুৰুঙা ---------- বিন্ধা,জলঙা।
বহুমুখী ---- নানা বিষয়ত ব্যুৎপত্তি থকা।
মিলাই লৰমাৰ্ ----- উলটি বা ঘূৰি লৰমাৰ্।
৫/আমি অসমীয়া, নহওঁ দুখীয়া,
কিহৰ দুখীয়া হ'ম?
সকলো আছিল, সকলো আছে,
নুবুজোঁ নলওঁ গম।
(ক)ওপৰৰ কবিতাফাকি কোনোটো কবিতাৰ পৰা তুলি অনা হৈছে?
উত্তৰ=ওপৰৰ কবিতাফাকি 'অসম সংগীত' পৰা তুলি অনা হৈছে।
(খ)কবিতাফাকি কাৰ ৰচনা?
উত্তৰ=কবিতাফাকি সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনা।
(গ)কবিতাফাকিৰ জৰিয়তে কবিয়ে কি ক'বলৈ বিচাৰিছে?
উত্তৰ=কবিতাফাকিৰ জৰিয়তে কবিয়ে এয়াই ক'বলৈ বিচাৰিছে যে অসম কেতিয়াও দুখীয়া নহয়।কাৰণ অসম বহুতো অমূল্য অৱদানৰে ভৰপূৰ।
৬/বাক্য পৰিৱৰ্তন কৰা।
(ক)যিজন লোক চোৰ স্বভাৱৰ,তেওঁক সকলোৱে সন্দেহৰ চকুৰে চায়।(সৰল বাক্যলৈ নিয়া)
উত্তৰ=চোৰ স্বভাৱৰ লোকক সকলোৱে সন্দেহৰ চকুৰে চায়।
(খ)ৰমেনে মাকৰ কথা শুনি গাঁৱতে থাকি খেতি-বাতি কৰিবলৈ ধৰিলে।(যৌগিক বাক্যলৈ নিয়া)
উত্তৰ=ৰমেনে মাকৰ কথা শুনিহে গাঁৱতে থাকি খেতি-বাতি কৰিবলৈ ধৰিলে।
(গ)আমি আজি নগৰলৈ যাম।(প্ৰশ্নবোধক বাক্যলৈ নিয়া)
উত্তৰ=তোমালোক আজি ক'লৈ যাবা?
(ঘ)তোমালোক ৰাতিপুৱা সোনকালে উঠা উচিত।(অনুজ্ঞাবোধক বাক্যলৈ নিয়া)
উত্তৰ=ৰাতিপুৱা সোনকালে উঠিব লাগে।
৭/উপযুক্ত যোজক অব্যয়েৰে খালী ঠাই পূৰ কৰা।
(ক)মই উদ্যানলৈ যাম ____ মুক্ত বায়ু সেৱন কৰিম।(কিন্তু/আৰু)
উত্তৰ=মই উদ্যানলৈ যাম আৰু মুক্ত বায়ু সেৱন কৰিম।
(খ)ৰাম স্কুললৈ নগ'ল,____ ৰহিম গ'ল।(যদি/আৰু/কিন্তু)
উত্তৰ=ৰাম স্কুললৈ নগ'ল,কিন্তু ৰহিম গ'ল।
(গ)আমি ফল-মূল কিনি খাম ______ ৰেষ্টোৰাঁত বহি চাহ,মিঠাই খাম।(কিন্তু/নাইবা/যদি)
উত্তৰ=আমি ফল-মূল কিনি খাম নাইবা ৰেষ্টোৰাঁত বহি চাহ,মিঠাই খাম।
৮/বাক্য ৰচনা কৰা।
উত্তৰ=
ভিৰাই=নিগনিটোৱে মেকুৰীটো দেখি ভিৰাই লৰ মাৰিলে।
জেঙা=মাঘ বিহুৰ উৰুকাৰ নিশা ৰামহতঁৰ ঘৰৰ জেওৰাখন চুৰ কৰি জেঙা লগালে।
সুৰুঙা=পানী সৰু সৰুঙাই দিয়েও যাব পাৰে।
বহুমুখী=লক্ষ্মীনাথ বেজবৰুৱা বহুমুখী প্ৰতিভাৰ অধিকাৰী আছিল।
দয়াপৰৱশ=দুখীয়াৰ প্ৰতি আমি দয়াপৰৱশ হ'ব লাগে।
©Polakh changmai (copyright material)
**************
Comments
Post a Comment