সবাতোকৈ আপোন | Class 6 assamese chapter 3 question answer
পাঠ=৩
অসমীয়া ভাষাৰ বিকাশৰ কথা
১/উত্তৰ দিয়া-
(ক)নয়নাহঁতে খুড়াকৰ পৰা কিহৰ বিষয়ে শুনিবলৈ ইচ্ছা কৰিছিল?
উত্তৰ=নয়নাহঁতে খুড়াকৰ পৰা অসমীয়া ভাষাৰ বিষয়ে শুনিবলৈ ইচ্ছা কৰিছিল।
(খ)হেম সৰস্বতীয়ে ৰচনা কৰা,তোমাৰ পাঠত উল্লেখ কৰা পুথিখনৰ নাম কি?
উত্তৰ=হেম সৰস্বতীৰ ৰচনা কৰা,মোৰ পাঠত উল্লেখ কৰা পুথিখনৰ নাম হ'ল 'প্ৰহ্লাদ চৰিত্ৰ'।
(গ)অলিখিত বা মৌখিক সাহিত্য মানে কি?
উত্তৰ=যিবোৰ সাহিত্য আখৰেৰে লিখা নহয় বৰং মানুহৰ মুখে মুখেহে প্ৰচলিত,সেইবোৰ সাহিত্যকে অলিখিত বা মৌখিক সাহিত্য বোলে।
(ঘ)ভাষাৰ দুটা উপাদানৰ নাম লিখা।
উত্তৰ=ভাষাৰ দুটা উপাদান হ'ল-- বাক্য আৰু ৰূপ।
(ঙ)অসমীয়া ভাষাটোৱে কেতিয়া স্বকীয় ৰূপ লাভ কৰিবলৈ আৰম্ভ কৰিলে?
উত্তৰ=অসমীয়া ভাষাটোৱে দশম শতিকামানত স্বকীয় ৰূপ লাভ কৰিবলৈ আৰম্ভ কৰিলে।
(চ)'অসমীয়া' শব্দটোৰ প্ৰচলন কাৰ আমোলত বেছিকৈ হৈছিল?
উত্তৰ='অসমীয়া'শব্দটোৰ প্ৰচলন ইংৰাজ আমোলৰ বেছিকৈ হৈছিল।
২/শব্দ অৰ্থ লিখা।
উত্তৰ=
ত্ৰয়োদশ ------- তেৰ সংখ্যক।
স্থানীয় ---- একে ঠাইতে থকা বস্তু।
নিগাজি ----------------- পুৰণি।
স্বকীয় ----------------------- নিজা।
আমোল-- কোনো অধিপতিয়ে শাসন
কৰা কাল।
আৱাসভূমি ----- কোনো প্ৰাণী।
উপাদান ---------- বস্তুৰ মূল পদাৰ্থ।
অলিখিত ---- লিপিবদ্ধ নোহোৱা।
অনুকৃতি --------- অনুকৰণ।
৩/অসমীয়া ভাষাত স্থানীয় জনগোষ্ঠীৰ ভাষাৰ উপাদান কেনেকৈ সোমাল লিখা।
উত্তৰ=ভাষা পৰিৱৰ্তনশীল।অসমীয়া ভাষাও যুগে যুগে পৰিৱৰ্তিত হৈ আহি আছে।অতি প্ৰাচীন কালৰে পৰা অসমত বিভিন্ন জনগোষ্ঠীৰ নিগাজি বাসভূমি।সেয়ে সকলোৰে মাজত ভাষা, সংস্কৃতি আৰু ভাবৰ আদান-প্ৰদান হৈছিল।ফলত ইটো ভাষাৰ উপাদান সিটো ভাষাত স্বাভাৱিক ভাৱে সোমাই পৰিছিল।এনেকৈয়ে বিভিন্ন জাতি-উপজাতিৰ ভাষাৰ উপাদানেৰে সমৃদ্ধ হৈ অসমীয়া ভাষাই দশম শতিকামানত স্বকীয় ৰূপ লাভ কৰিবলৈ আৰম্ভ কৰে।
৪/তলত দিয়া বিশেষণ পদবোৰ বিশেষ্য পদলৈ নিয়া।
উত্তৰ=
বিশেষণ ------------------------- বিশেষ্য
-----------------------------------------------
সুন্দৰ ---------------- সুন্দৰতা
প্ৰচলিত --------------- প্ৰচলন
স্থানীয় ----------------- স্থান
ৰচিত ----------------- ৰচনা
পৰিৱৰ্তিত --------- পৰিৱৰ্তন
বিকশিত ------------ বিকাশ
৫/তলৰ শব্দবোৰৰ একোটিকৈ সমাৰ্থক শব্দ লিখা।
উত্তৰ=
ধুনীয়া -------- সুন্দৰ
প্ৰাচীন -------- পুৰণি
পুথি ----------- কিতাপ
নিগাজি ------ থিতাপি
পূৰ্বতে --------- আগতে
সামৰণি ------- শেষ
৬/বাক্য ৰচনা কৰা।
উত্তৰ=
মিচিকিয়াই:-হৰিৰ কথা এটা শুনি ৰামে মিচিকিয়াই হাঁহি মাৰিলে।
চেনেহী:-চিৰ চেনেহী অসমীয়া ভাষাৰ উন্নতিৰ কাৰণে আমি সকলোৱে ৰত্ন কৰিব লাগে।
পুৰণি:-এই কিতাপখন বহু পুৰণি।
ধন্যবাদ:-যদুৰ কামটো কৰাৰ বাবে ৰাহুলক ধন্যবাদ দিলে।
সাহিত্য:-কৃষ্ণকান্ত সন্দিকৈ ছাত্ৰ অৱস্থাৰ পৰা সাহিত্যি চৰ্চা কৰিছিল।
যুগে যুগে:-যুগে যুগে বহুতো নতুন বস্তুৰ আৱিষ্কাৰ হয়।
৭/প্ৰাক্ শংকৰী যুগৰ শ্ৰেষ্ঠ কবি মাধৱ কন্দলি।শংকৰী যুগৰ শ্ৰেষ্ঠ কবি কোন?
উত্তৰ=শংকৰী যুগৰ শ্ৰেষ্ঠ কবি হ'ল শংকৰদেৱ।
© Copyright Applicable
***************
Comments
Post a Comment