Class 6 Assamese book ankuran question answer ankuran lessso 11 সঞ্চয় | Alusona.com
ষষ্ঠ শ্ৰেণী/অসমীয়া
পাঠ নং ১১
সঞ্চয়
১/শব্দ অৰ্থ লিখা।
উত্তৰ=
শব্দ --------------------------- অৰ্থ
-----------------------------------------------
কৰকৰা ------- পানী নথকা;শুকান।
বৰ্ষণ ------- বৰষুণ হোৱা কাৰ্য।
কৃপণ ---- চিপজ্,আনক দিবলৈ সংকোচ
কৰা।
কুন্ধি -------- নাৱৰ ভিতৰৰ খোটালি।
পুণ্যতোয়া ------ পৱিত্ৰ পানী থকা নদী।
শান্তিয়নী -------- শান্তি কৰা পানী।
ঘুলি ------- ম'হ,গাহৰি আদি জন্তুৱে বোকা
লেটি লোৱা খাল।
নিৰ্মল -------- লেতেৰা নোহোৱা।
হিত ---------- উপকাৰ;মঙ্গল;কল্যাণ।
২/কি কৰিলে প্ৰকৃত সঞ্চয় হোৱা বুলি কবিতাটিত কোৱা হৈছে?
উত্তৰ=সঞ্চয়ৰ দ্বাৰা যদি কাৰোবাৰ হিত সাধন হয়,তাকহে প্ৰকৃত সঞ্চয় হোৱা বুলি কবিতাটিত কোৱা হৈছে।
৩/জ্ঞানৰ সঞ্চয়ে পোহৰ বিলাই,
মনৰ নেদেখা কুন্ধিবোৰত।।
'কুন্ধি' শব্দটোৱে সাধাৰণতে নাৱৰত খোটালিক বুজায়।কবিতাফাকিত থকা 'কুন্ধি' শব্দটোৱে কিহৰ খোটালিক বুজাইছে?
উত্তৰ='কুন্ধি' শব্দটোৱে সাধাৰণতে নাৱৰত খোটালিক বুজায়।কবিতাফাকিত থকা 'কুন্ধি' শব্দটোৱে আমাৰ মগজুৰ খোটালিক বুজাইছে।
৪/উত্তৰ দিয়া।
(ক)উঁয়ে কি সঞ্চয় কৰে?
উত্তৰ=উঁয়ে কৰকৰা্ মাটি সঞ্চয় কৰে।
(খ)মৌ-মাখিৰ সঞ্চয়ৰ ফলত কি বৰ্ষণ হয়?
উত্তৰ=মৌ-মাখিৰ সঞ্চয়ৰ ফলত মধু বৰ্ষণ হয়।
(গ)উঁইৰ সঞ্চয়ৰ ফলত কি হয়?
উত্তৰ=উঁইৰ সঞ্চয়ৰ ফলত মাটিৰ ৰস নাইকিয়া হয়।
(ঘ)জ্ঞানৰ সঞ্চয়ে মনৰ নেদেখা কুন্ধিবোৰত কি বিলায়?
উত্তৰ=জ্ঞানৰ সঞ্চয়ে মনৰ নেদেখা কুন্ধিবোৰত জ্ঞানৰ পোহৰ বিলায়।
(ঙ)জল ক'ত সাঁচি থ'লে নিৰ্মল নহয়?
উত্তৰ=ম'হৰ ঘুলিৰ জল সোণৰ পাত্ৰত সাঁচি থ'লে নিৰ্মল নহয়।
৫/কবিতাফাকি পঢ়া আৰু উত্তৰ দিয়া।
(ক)পুণ্যতোয়া গঙ্গাজল সাঁচি থ'লে,
হয় শান্তিয়নী পৱিত্ৰ জল।
—— পুণ্যতোয়া শব্দটোৱে কি বুজাইছে?
উত্তৰ=পুণ্যতোয়া শব্দটোৱে পানী থকা নদী (গঙ্গা,যমুনা,গোদাবৰী,সৰস্বতী,নৰ্মদা,সিন্ধু আৰু কাবেৰী--এই সপ্ত নদীক পুণ্যতোয়া নদী বোলে)ৰ কথা বুজাইছে।
—— গঙ্গাজল সাঁচি থ'লে কি হয়?
উত্তৰ=গঙ্গাজল সাঁচি থ'লে পৱিত্ৰ হয়।
(খ)বহলাই লিখা।
সাঁচি থোৱাকেই সঞ্চয় নকয়——
যদি তাৰে হিত সাধন নহয়।
উত্তৰ=উক্ত কবিতাফাকিত কবি নীলমণি ফুকনে কৈছে যে-- ফাঁচি থোৱাকেই সঞ্চয় নকয় যদি সেই সঞ্চয় কৰা খিনিৰে মানুহৰ হিত সাধন নহয়।অৰ্থাৎ প্ৰকৃত সঞ্চয় অৰ্থ হ'ল ইয়াৰ দ্বাৰা আন দহজনৰ উপকাৰ কৰা
৬/বিপৰীত শব্দবোৰ মিলাই লিখা।
উত্তৰ=
বাঁও ফাল ----------------- সোঁ-ফাল
-----------------------------------------------
অসাধু ---------- সাধু।
পোহৰ ---------- আন্ধাৰ।
জ্ঞান ------------ অজ্ঞান।
নেদেখা ---------- দেখা।
হিত -------------- অহিত।
৭/খাই,কৰি,বাই,থৈ,উঠি
এই অসমাপিকা ক্ৰিয়াপদকেইটা ব্যৱহাৰ কৰি একোটাকৈ বাক্য ৰচনা কৰা।
উত্তৰ=
খাই—আমি ভাত খাই স্কুললৈ গ'লোঁ।
কৰি—দেউতাই কাম কেইটা কৰি ঘৰলৈ উভতি আহিল।
বাই—সি হালবাই গৰু চৰাবলৈ গ'ল।
থৈ—কাঁহৰ বাতিত দৈ থৈ নিদিবা।
উঠি—ৰাতিপুৱা সোনকালে উঠি পঢ়াশুনা কৰিব লাগে।
© Copyright material ( polakh changmai)
*************
Comments
Post a Comment