সবাতোকৈ আপোন | Class 6 assamese chapter 1 question answer

 



ক) কবিয়ে কাক কাক সবাতোকৈ আপোন বুলি কৈছে  ?


উত্তৰ - নিজৰ আইক নিজৰ দেশখনক আৰু নিজৰ মাতৃভাষাক সবাতোকৈ আপোন বুলি কৈছে ।


খ) কবিয়ে প্ৰাণৰ চিনাকি বুলি কাৰ কাৰ কথা কৈছে ?


উত্তৰ - গাঁও-নগৰ , জান-জুৰিৰ কথা কৈছে ।


গ) কবিতাটিত অন্তৰৰ ভাব কিহেৰে প্ৰকাশ কৰা বুলি কোৱা হৈছে ?


উত্তৰ - নিজৰ মাতৃভাষাৰে ।


ঘ) কবিয়ে জগতখন কাৰ কাৰ যোগেদি চিনি পাবলৈ আশা কৰিছে ?


উত্তৰ - নিজৰ আই নিজৰ দেশ খন আৰু নিজৰ মাতৃভাষাৰ যোগেদি চিনি পাবলৈ আশা কৰিছে ।


ঙ) সুবিশাল পৃথিৱীত কাৰ স 'তে , কেনেকৈ খোজ দিবলৈ কবিয়ে ইচ্ছা কৰিছে ?


উত্তৰ - সকলোৰে স 'তে হাতে - হাতে ধৰা - ধৰিকৈ খোজ দিবলৈ কবিয়ে ইচ্ছা কৰিছে ।


৪ ) কবিতাটিৰ মূলভাব লিখা  :


 উত্তৰ - কবিতাটোত কবিয়ে দেশমাতৃক আৰু নিজৰ মাতৃভাষাক সবাতোকৈ আপোন বুলি কৈছে - ইয়াৰ কাৰণ আইৰ কাৰণে আমি জগতখন চিনি পালো । আমি আমাৰ দেশখনক আপোন বুলি কোৱাৰ কাৰণ হৈছে ওপজা ঠাই খনৰ বাবে পৃথিৱীত আগুৱাই যাব পাৰিম সেইফালৰ পৰাও দেশখন আমাৰ বাবে আপোন । আমি আমাৰ নিজৰ জন্ম ভূমিত শৈশৱৰ পৰা ডেকা জীৱনৰ লৈকে উপভোগ কৰিবলৈ সক্ষম হও। মাতৃ ভূমিৰ পৰশত শৈশৱ আৰু আজীৱন অতিবাহিত কৰাৰ মাদকতাই সুকীয়া।

 আমি আমাৰ মাতৃভাষাক সবাতোকৈ আপোন  বুলি কোৱাৰ কাৰণ হৈছে আমি আমাৰ মাতৃভষাৰে মনৰ ভাব প্ৰকাশ কৰিব পাৰু 

সেইফালৰ পৰা মাতৃভষা আমাৰ বাবে সবাতোকৈ আপোন  ।


৫ ) পাঠৰ পৰা অন্ত্যধ্বনি থকা শব্দবোৰ মিলাই লিখা ।


উত্তৰ - আই - চিনাই

          চহকী - চিনাকী

          সুৰীয়া - কুমলীয়া

          জগত - লগত

          সুখ   -  দুখ


৭) বাক্য ৰচনা কৰা ।


শুৱনি - পথাৰখন শস্যৰে শুৱনি হৈ পৰিছে ।


সুৰীয়া - আমাৰ মাতৃভাষা সুৰীয়া  নহলেও আমাৰ বাবে সদায় আপোন ।

ধুনীয়া - ৰাম দেশিবলৈ ধুনীয়া ।


চহকী - মানুহজন চহকী যদিও অহংকাৰী নহয় ।


কুমলীয়া - মানুহে নিতৌ কুমলীয়া গৰম পানী খাব লাগে।


সুবিশাল - সুবিশাল পৃথিৱীত হাতে - হাতে ধৰা -ধৰিকৈ খোজ দিবলৈ কবিয়ে ইচ্ছা কৰিছে ।



৯) তলত দিয়া শব্দবোৰৰ নঞৰ্থক ৰূপবোৰ লিখা ।


হ ' ব - নহ ' ব 


ধোওঁ - নোধোওঁ


শুনা - নুশুনা


কৰোঁ -  নকৰোঁ


খেলোঁ - নেখেলোঁ


যাম - নাযাম


দিম - নিদিম


লিখোঁ - নিলিখোঁ




১৬) সাঁথৰ ভঙা ।


ক) নাকত বহি                                                  

                 কাণত ধৰে

এনে কি বস্তু

                ভাল পায় নৰে ?


উত্তৰঃ চছমা



খ) ক আইটি টপৰাই , 


     কাঢ়ি নিলে বাঢ়ি যায় ।


উত্তৰঃ  সূতা ।



গ) দি মৰিল কোন ?


উত্তৰঃ দধীচি ।



ঘ) নি মৰিল কোন ?


উত্তৰঃ  ৰাৱন ।



ঙ) নিদি মৰিল কোন  ?


উত্তৰ - দুৰ্যোধন ।



চ) নকৈ মৰিল কোন ?


উত্তৰ - জয়মতী


© Copyright applicable


Comments

Popular posts from this blog

মাকনৰ চিঠি | Class 3 Assamese chapter 5 question answer | তৃতীয় শ্ৰেণীৰ অসমীয়া