মনোৰম মাজুলী | Class 6 Assamese book Ankuran Question answer ankuran lessso 12
ষষ্ঠ শ্ৰেণী/অসমীয়া
পাঠ নং ১৩
আৱিষ্কাৰৰ কাহিনী
১/তলৰ শব্দবোৰৰ অৰ্থ লিখা।
উত্তৰ=
শব্দ ------------------------------ অৰ্থ
------------------------------------------------
পৰিৱহণ ---- এঠাইৰ পৰা আন এঠাইলৈ
বস্তু বা মানুহ কঢ়িওৱা উপায়।
অধ্যৱসায় ------ নিৰন্তৰ চেষ্টা।
অসাধ্য --------- যিটো সহজতে কৰিব
নোৱাৰি।
অহৰহ ------------- একেৰাহে।
প্ৰয়োগিক -------- ব্যৱহাৰিক।
নেৰানেপেৰা ----- একে লেথাৰিৰে।
যুগান্তকাৰী --- কোনো যুগ অন্ত পেলোৱা।
কৃতিত্ব ---- কাৰ্যদশতা,কামত পাৰ্গতালি।
নিয়ন্ত্ৰণ ------ নিৰ্দিষ্ট নিয়মৰ ভিতৰত ৰখা।
সুচল ------ সুগম,গমনত বাধা নথকা।
গুৰুত্ব ------ শ্ৰেষ্ঠতা।
অতুলনীয় ----- তাৰ তুলনা নাই।
অদম্য ---- যাক দমন কৰিব নোৱাৰি।
দৃষ্টিগোচৰ --- পৰিলক্ষিত,চকুত পৰা।
দৃঢ়তা --- লৰ চৰ নকৰা,অবিচলত ভাৱ।
সান্নিধ্য --- সংগ,সামীপ্য।
কৰ্মস্পৃহা --- কাম কৰাৰ প্ৰবল ইচ্ছা।
উপলব্ধি --- অনুভৱ,অন্তৰত হোৱা বোধ।
প্ৰশিক্ষণ ----- শিকোৱা কাৰ্য
গৱেষণা ----- অন্বেষণমূলক অধ্যয়ন।
ঘাত-প্ৰতিঘাত ----- বাধা-বিধিনি।
২/উত্তৰ দিয়া।
(ক)গুৰুপ্ৰসাদ দাসে উদ্ভাৱন কৰা যন্ত্ৰটোৰ নাম লিখা।
উত্তৰ=গুৰুপ্ৰসাদ দাসে উদ্ভাৱন কৰা যন্ত্ৰটোৰ নাম হ'ল 'ভেকুৱাম ব্ৰে'ক'।
(খ)গুৰুপ্ৰসাদ দাসে কলিকতাত কাৰ মটৰ গেৰেজত কাম কৰিছিল?
উত্তৰ=গুৰুপ্ৰসাদ দাসে কলিকতাত ভোলানাথ বৰুৱা মটৰ গেৰেজত কাম কৰিছিল।
(গ)গুৰুপ্ৰসাদ দাসৰ কৰ্মনিস্থা আৰু ধৈৰ্যশক্তি কাৰ চকুত পৰিছিল?
উত্তৰ=গুৰুপ্ৰসাদ দাসৰ কৰ্মনিস্থা আৰু ধৈৰ্যশক্তি এজন বৃটিছ চাহাবৰ চকুত পৰিছিল।
(ঘ)বৃটিছ চাহাবে গুৰুপ্ৰসাদ দাসক কোন কোম্পানীত নিযুক্তি দিছিল?
উত্তৰ=বৃটিছ চাহাবে গুৰুপ্ৰসাদ দাসক হাওৰাৰ 'ৱাৰ্ণ এণ্ড কোম্পানী'ত নিযুক্তি দিছিল।
(ঙ)গুৰুপ্ৰসাদ দাসে লণ্ডনৰ কোন প্ৰতিষ্ঠানত প্ৰশিক্ষণ লৈছিল?
উত্তৰ=গুৰুপ্ৰসাদ দাসে লণ্ডনৰ ৰে'লৰ কাৰিকৰী প্ৰতিষ্ঠান 'ইনষ্টিটিউট্ অৱ মেকানিকেল ইঞ্জিনিয়াৰিঙ'ত উচ্চস্তৰীয় প্ৰশিক্ষণ লৈছিল।
(চ)লণ্ডনত প্ৰশিক্ষণ লৈ থকা সময়ত গুৰুপ্ৰসাদ দাসে কাৰ পৰা বৃত্তি লাভ কৰিছিল?
উত্তৰ=লণ্ডনত পঢ়ি থকা সময়ত গুৰুপ্ৰসাদ দাসে অসম প্ৰশাসনৰ পৰা বৃত্তি লাভ কৰিছিল।
(ছ)আই. আৰ. এছৰ পদমৰ্যাদা লাভ কৰা প্ৰথম ভাৰতীয়জন কোন?
উত্তৰ=আই. আৰ. এছৰ পদমৰ্যাদা লাভ কৰা প্ৰথম ভাৰতীয়জন হ'ল গুৰুপ্ৰসাদ দাস।
(জ)গুৰুপ্ৰসাদ দাসে উদ্ভাৱন কৰা ভেকুৱাম ব্ৰে'কক কোম্পানীয়ে কি বুলি নামকৰণ কৰিছিল?
উত্তৰ=গুৰুপ্ৰসাদ দাসে উদ্ভাৱন কৰা ভেকুৱাম ব্ৰে'কক কোম্পানীয়ে 'জি পি ব্ৰে'ক' বুলি নামাকৰণ কৰিছিল।
৩/চমুকৈ লিখা।
(ক) গুৰুপ্ৰসাদ দাস লণ্ডনলৈ কিয় গৈছিল?
উত্তৰ=গুৰুপ্ৰসাদ দাস ১৯২৫ চনৰ শেষ ভাগত লণ্ডনৰ ৰে'লৰ কাৰিকৰী প্ৰতিষ্ঠান 'ইনষ্টিটিউট্ অৱস্থিত মেকানিকেল ইঞ্জিনিয়াৰিঙ'ত উচ্চস্তৰীয় প্ৰশিক্ষণৰ বাবে গৈছিল।
(খ)তেখেতক অসমৰ সু-সন্তান বুলি কিয় কোৱা হৈছে? গুৰুপ্ৰসাদ দাস কেনেকুৱা ব্যক্তিত্বৰ অধিকাৰী আছিল?
উত্তৰ=তেখেতে ৰে'ল সেৱা অধিক সুচল আৰু নিৰাপদ কৰিবলৈ নেৰানেপেৰা চেষ্টা আৰু কষ্টসাধ্য গৱেষণাৰে 'ভেকুৱাম ব্ৰে'ক' নামৰ এটা যন্ত্ৰ আৱিষ্কাৰ কৰি,ভাৰত তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল।সেয়ে তেখেতক অসমৰ সু-সন্তান বুলি কোৱা হৈছে।
গুৰুপ্ৰসাদ দাস এজন একাগ্ৰতাশীল,কৰ্তব্য নিষ্ঠা সম্পন্ন,কঠোৰ পৰিশ্ৰমিক ব্যক্তি আছিল।
৪/ভাব বহলাই লিখা।
(ক)অভাৱেই আৱিষ্কাৰৰ মূল।
উত্তৰ=অভাৱ বিভিন্ন প্ৰকাৰৰ।যেতিয়াই মানুহৰ অভাৱ হয় বা কিবা এটা বস্তুৰ প্ৰয়োজন হয়,তেতিয়া মানুহজনে কেনেকৈ সেই বস্তুটো পাব পাৰি তাৰ বাবে চিন্তা-চৰ্চা কৰিবলৈ আৰম্ভ কৰে।যাৰ ফলস্বৰূপে বিকল্প উপায় উদ্ভাৱন হয় আৰু অভাৱ পূৰণ হয়।ঠিক একেদৰে যেতিয়া সমাজত কোনো বস্তুৰ প্ৰয়োজন দৃষ্টিগোচৰ হয়,তেতিয়া বিজ্ঞানীসকলে নিতৌ ন ন বস্তু আৱিস্কাৰ কৰি অসুবিধাসমূহ দূৰ কৰে।উদাহৰণস্বৰূপে ২০১৯ চনৰ ক'ৰোণা মহামাৰী সকলোৰে কাৰণে নতুন আছিল।এই মহামাৰীৰ সৈতে যুঁজ দিয়াত আমাৰ প্ৰয়োজনীয় দৰবৰ লগতে চিকিৎসাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হৈছিল।কিন্তু আমাৰ বিজ্ঞানী তথা স্বাস্থ্য কৰ্মীসকলৰ পৰিশ্ৰম আৰু গৱেষণাৰ অন্তত আমি এই মহামাৰী বিধৰ সৈতে মোকাবিলা কৰিবলৈ সক্ষম হৈছোঁ।একেদৰেই গুৰুপ্ৰসাদ দাসে 'ভেকুৱাম ব্ৰে'ক' আৱিষ্কাৰ কৰি যাতায়াত ব্যৱস্থা নিৰাপদ আৰু সুবিধাজনক কৰি তুলিছিল।সেয়েহে অভাৱেই আৱিষ্কাৰৰ মূল।
(খ)একান্ত অধ্যৱসায় আৰু পৰিশ্ৰমেই উন্নতিৰ মূলমন্ত্ৰ।
উত্তৰ=একান্ত অধ্যৱসায় অৰ্থাৎ নিৰন্তৰ চেষ্টা তথা পৰিশ্ৰমৰ বলত যিকোনো ক্ষেত্ৰতে উন্নতি লাভ কৰিব পাৰি।যদি অধ্যৱসায় নাথাকে তেতিয়া উন্নতিও সম্ভৱ নহয়।উদাহৰণস্বৰূপে- গুৰুপ্ৰসাদ দাসৰ জীৱনলৈ লক্ষ্য কৰিলে আমি এই কথাষাৰৰ উজ্জ্বল নিদৰ্শন পাবলৈ সক্ষম হ'ম। যোগালি হিচাপে কামত ধৰা এইজন ব্যক্তিয়ে কঠোৰ পৰিশ্ৰম,কৰ্মস্পৃহা,ধৈৰ্যশক্তিৰ লগতে অধ্যৱসায়ৰ বাবে শেষত ৰে'ল গাড়ীৰ ভেকুৱাম ব্ৰে'ক উদ্ভাৱন কৰি বিশ্বত নিজৰ লগতে ভাৰত আৰু অসমৰ নাম উজ্জ্বলাবলৈ সক্ষম হয়।সেয়ে কোৱা হৈছে একান্ত অধ্যৱসায় আৰু পৰিশ্ৰমেই উন্নতিৰ মূলমন্ত্ৰ।
৫/এটা শব্দত প্ৰকাশ কৰা।
উত্তৰ=
(ক)যিজনে কোনো বস্তু বা তথ্য আৱিষ্কাৰ কৰে=বিজ্ঞানী।
(খ)গোটাই জীৱন জুৰি=আজীৱন।
(গ)যিয়ে গুণীৰ গুণ বুজিব পাৰে=গুণগ্ৰাহী।
(ঘ)পুৱাই স্মৰণ কৰা যোগ্য=প্ৰাতঃস্মৰণীয়।
© Copyright material (polakh changmai)
*************
Comments
Post a Comment