Class 6 Assamese Question Answer | Class 6 Assamese book ankuran lesson/Chapter 10 Question Answer
ষষ্ঠ শ্ৰেণী/অসমীয়া
পাঠ নং ১০
মহীয়সী হেলেন কেলাৰ
১/তলৰ বাক্যশাৰী পঢ়ি কোনে,কেতিয়া,কিয় আপ্ৰাণ চেষ্টা কৰিছিল লিখা।
"বিভিন্ন ধৰণেৰে ছোৱালীজনীৰ মনত সাহস আৰু আত্মবিশ্বাস জগাই তুলিবলৈ তেখেতেসকলে আপ্ৰাণ চেষ্টা কৰিছিল।"
উত্তৰ=অন্ধ আৰু মূক-বধিৰ হেলেন কেলাৰে পৃথিৱীৰ হাঁহি-কান্দোন,ৰূপ-সৌন্দৰ্যৰ লগত সম্পৰ্ক স্থাপন কৰিব নোৱাৰি হতাশাত ভুগিছিল।হেলেন কেলাৰৰ এই অৱস্থা দেখি মাক-দেউতাক ভাগি পৰিছিল।সেয়ে ছোৱালীজনীক ঠিক কৰিবলৈ তেওঁলোকে আপ্ৰাণ চেষ্টা কৰিছিল।
২/পাঠটো পঢ়ি উপযুক্ত শব্দ আৰু চন খালী ঠাইত বহুওৱা।
(ক)____চনত দিল্লীৰ এখন বিশেষ সভাত জৱাহৰলাল নেহৰুৱে ভাষণ দি থাকোঁতে এগৰাকী মহিলাই তেওঁৰ ওঁঠ দুটি____কৰি সকলোকে_____কৰিলে।
উত্তৰ=১৯৫৪ চনত দিল্লীৰ এখন বিশেষ সভাত জৱাহৰলাল নেহৰুৱে ভাষণ দি থাকোঁতে এগৰাকী মহিলাই তেওঁৰ ওঁঠ দুটি স্পৰ্শ কৰি সকলোকে অবাক কৰিলে।
(খ)____চনত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এক____পৰিয়ালত জন্ম হোৱা হেলেন কেলাৰে ডেৰ বছৰ বয়সত_____ৰোগত আক্ৰান্ত হৈছিল।
উত্তৰ=১৮৮০ চনত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এক মধ্যবিত্ত পৰিয়ালত জন্ম হোৱা হেলেন কেলাৰে ডেৰ বছৰ বয়সত মেনিন্জাইটিছ্ ৰোগত আক্ৰান্ত হৈছিল।
(গ)নিঃস্বাৰ্থ আৰু পবিত্ৰ প্ৰেমেৰে____সকলৰ কল্যাণৰ কাৰণে কাম কৰা হেলেন কেলাৰৰ মৃত্যু হয়_____চনত।
উত্তৰ=নিঃস্বাৰ্থ আৰু পবিত্ৰ প্ৰেমেৰে বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ কল্যাণৰ কাৰণে কাম কৰা হেলেন কেলাৰৰ মৃত্যু হয় ১৯৬৮ চনত।
(ঘ)____ভালকৈ উপলব্ধি কৰিছিল যে বিশেষ প্ৰয়োজন সম্পন্ন ব্যক্তিসকলৰ বাবে ধন-বিততকৈ মৰম,______আৰু ______বেছি প্ৰয়োজন।
উত্তৰ=গ্ৰাহাম বেলে ভালকৈ উপলব্ধি কৰিছিল যে বিশেষ প্ৰয়োজন সম্পন্ন ব্যক্তিসকলৰ বাবে ধন-বিততকৈ মৰম,চেনেহ আৰু আত্মবিশ্বাসৰহে বেছি প্ৰয়োজন।
৩/উত্তৰ লিখা।
"চুলিভানে গ্ৰাহাম বেলৰ পৰা শিকা কৌশলটো অতি মৰমেৰে হেলেন কেলাৰকো শিকাই দিলে।"
(ক)চুলিভান বুলি ইয়াত কাৰ কথা কোৱা হৈছে?
উত্তৰ=চুলিভান বুলি ইয়াত শিক্ষয়িত্ৰী এগৰাকীৰ কথা কোৱা হৈছে।
(খ)চুলিভানে গ্ৰাহাম বেলৰ পৰা কি শিকিছিল?
উত্তৰ=চুলিভানে গ্ৰাহাম বেলৰ পৰা ওঁঠৰ কঁপনি অনুভৱ কৰি মনৰ ভাৱ বুজি পোৱাৰ কৌশল শিকিছিল।
(গ)চুলিভানে হেলেনক কি শিকাইছিল?
উত্তৰ=চুলিভানে হেলেনক গ্ৰাহাম বেলৰ শিকোৱা কৌশলটো শিকাইছিল।
৪/ইচ্ছাশক্তি,কল্যাণ,নিঃস্বাৰ্থ, আত্মবিশ্বাস,প্ৰয়োজন,প্ৰবল,সহায়,কৰ্মপ্ৰৱণতা,দুঃসাহসী
-------এই শব্দ কেইটাৰে অতি কমেও পাঁচটা বাক্য সাজা।
উত্তৰ=
১)নিঃস্বাৰ্থভাৱে সমাজৰ কল্যাণমূলক কামবোৰ কৰি যাব লাগে।
২)অৰুণিমা সিন্হাই নিজৰ দুঃসাহসিকতাৰ পৰিচয় দি এটা অসম্ভৱ কাম সম্ভৱ কৰি দেখুৱালে।
৩)কোনো কাম কৰিবলৈ হ'লে কৰ্মপ্ৰৱণতাৰ লগতে প্ৰবল ইচ্ছাশক্তিৰো প্ৰয়োজন।
৪)দুখীয়া লোকক যেনেকৈ পৰা যায় সহায় কৰা উচিত।
৫)হেলেন কেলাৰৰ মাক-দেউতাকে ছোৱালীজনীৰ আত্মবিশ্বাস জগাই তুলিবলৈ আপ্ৰাণ চেষ্টা কৰিছিল।
৫/তলত দিয়াবোৰ পুংলিংগ,স্ত্ৰীলিংগ আৰু উভয়লিংগ নিৰ্ণয় কৰি তালিকা প্ৰস্তুত কৰা।
[মহিলা,নাৰী,শিক্ষক,সন্তান,প্ৰধানমন্ত্ৰী,ছোৱালী,পিতৃ,মাতৃ,শিক্ষয়িত্ৰী,শিশু,অধ্যক্ষ,ব্যক্তি,দেউতা,কেঁচুৱা,পুৰুষ,লোক]
উত্তৰ=
পুংলিংগ——>শিক্ষক,পিতৃ,দেউতা,পুৰুষ,অধ্যক্ষ।
স্ত্ৰীলিংগ——>মহিলা,নাৰী,ছোৱালী,মাতৃ,শিক্ষয়িত্ৰী।
উভয়লিংগ——>সন্তান,প্ৰধানমন্ত্ৰী,শিশু,ব্যক্তি,কেঁচুৱা,লোক।
Copyright material (©polakh changmai)
************
Comments
Post a Comment