Class 9 assamese chapter 4 question answer বিহু আদৰণি | Alusona.com
পাঠ=৪
বিহু আদৰণি
১/উত্তৰ দিয়া।
(ক)চ'তাই বুলি কবিয়ে কাক কৈছে?
উত্তৰ=চ'তাই বুলি কবিয়ে চ'ত মাহক কৈছে।
(খ)কবিতাটিত জেতুকা,থেৰেজুৰ লগত আৰু কি অনাৰ কথা কোৱা হৈছে?
উত্তৰ=কবিতাটিত জেতুকা,থেৰেজুৰ লগত আৰু বৰ্হমঠুৰি অনাৰ কথা কোৱা হৈছে।
(গ)মাখিয়তী আৰু তৰাৰ পঘাৰে কি জুৰি পেলোৱাৰ কথা কৈছে?
উত্তৰ=মাখিয়তী আৰু তৰাৰ পঘাৰে খোলা জুৰি পেলোৱাৰ কথা কৈছে।
(ঘ)বাঁহত চাত কিহেৰে সজালে?
উত্তৰ=বাঁহত চাত থেকেৰা, হালধি,লাও,বেঙেনা,কেৰেলা আদিৰে সজালে।
(ঙ)বায়ে খোপালৈ বুলি কি ফুল আনিলে?
উত্তৰ=বায়ে খোপালৈ বুলি ৰচঙ্গা কপৌ ফুল আনিলে।
(চ)কবিয়ে চ'তাইক কি বুলি কাবৌ কৰিছে?
উত্তৰ=কবিয়ে চ'তাইক ৰঙালীক লৈ আহিবলৈ বুলি কাবৌ কৰিছে।
২/বাক্য ৰচনা কৰা।
উত্তৰ=
জেতুকা:-ব'হাগ বিহুত মহিলা সকলে জেতুকা লগায়।
ভমকা:-হৰিয়ে ভমকা ফুলৰ গামোচা লৈ বিহু মাৰিবলৈ গৈছে।
আঁচু:-ৰমেন আঁচু সূতা কিনিবলৈ বজাৰলৈ গৈছে।
শাল:-খুড়ীয়ে শিলত গামোচা বুলাইছে।
দিহা:-বৰ সভাৰ গাঁৱৰ ৰাইজে দিহা নাম গাইছে।
৩/লিংগ নিৰ্ণয় কৰি তালিকা পূৰ কৰা।
উত্তৰ=
পুংলিংগ ---------------- স্ত্ৰীলিংগ
----------------------------------------------
পিতাই খুড়ী
ককাই আইতা
জোঁৱাই বাইদেউ
আই
শাহু
ননন্দ
৪/শব্দবোৰ বহুবচনত প্ৰকাশ কৰা।
উত্তৰ=
একবচন ------------------- বহুবচনত
----------------------------------------------
ককাই ------------ ককাইদেউহঁত
গামোচা ------------- গামোচা বোৰ
মানুহ --------------- মানুহ বিলাক
পিঠা ---------------- পিঠাবোৰ
বাইদেউ ---------- বাইদেউসকল
৫/অৰ্থ প্ৰকাশ হোৱাকৈ তলৰ শব্দবোৰেৰে বাক্য সাজা।
উত্তৰ=
টকা:এই কিতাপখনৰ দাম ৫০ টকা।
টকা:বিহুত আমি থকা বজাও।
বাত:ৰামে বহুত দিনৰ পৰা বাত ৰোগত ভুগি আছে।
বাট:বৰ্তমানে বহুতো গাঁৱৰ বাট-পথ পকি হৈছে।
থাল:থালত আমি ভাত খাওঁ।
ঠাল:আম গছৰ বহুতো ঠাল-ঠেঙুলি থাকে।
জুৰি:বাৰিষা জান-জুৰি পানীৰে উপচি পৰে।
জুৰি:ভুপেন হাজৰিকাই গোটেই জীৱনজুৰি সংগীত সাধনাত ব্যস্ত আছিল।
৬/ৰচনাৰ আৰ্হিত বিহুৰ বিষয়ে দহটা বাক্য লিখা।
উত্তৰ=বিহু অসমৰ জাতীয় উৎসৱ।বিহু তিনিটা তেনে ৰঙালী বিহু বা ব'হাগ বিহু,কঙালী বিহু বা কাতি বিহু আৰু ভোগালী বিহু বা মাঘ বিহু।চ'ত আৰু ব'হাগৰ দোমাহীৰ দিনা ৰঙালী বিহু পালন কৰা হয়।বিহুৰ প্ৰথম দিনা পুৱাতে গৰু-ম'হক মাহ-হালধী সানি পুখুৰী,বিল বা নৈত নি গা ধুওৱা হয়।তাৰ পিছত বাঁহৰ শালত গাথি নিয়া লাও,বেঙেনা,কেৰেলা,থেকেৰা আদি গৰুক খুৱাই।তাৰ পিছদিনা মানুহে গা ধুই গোঁসাই আৰু জেষ্ঠজনক সেৱা জনায়।তাৰ পিছত জলপান খাই ডেকা-গাভৰু সকলে নতুন গামোচা,চোলা পিন্ধি ঢোল,টকা,পেঁপা লৈ ঘৰে ঘৰে সাতদিন ধৰি হুঁচৰি গায়।আহিন-কাতিৰ দোমাহীৰ দিনা কঙালী বিহু পালন কৰা হয়।এই বিহুত ধাননি পথাৰত,ঘৰৰ তুলসী ভেটিত সন্ধ্যা চাকি জ্বলাই নাম-কীৰ্তন কৰা হয়।পুহ-মাঘৰ দোমাহীৰ দিনা ভোগালী বিহু পালন কৰা হয়।এই বিহুৰ আগদিনা উৰুকাৰ দিনা পিঠা-পনা বনাই,ৰাইজে ভোজ-ভাত খায় আৰু পথাৰ,নামঘৰ বা ঘৰে ঘৰে বাঁহ কাঠেৰে মেজি পাছে আৰু বিহুৰ দিনা পুৱাই গাধুই সেই মেজি জ্বলোৱা হয়।এনেদৰেই অসমীয়া বাপতি সাহোন বিহু উৎযাপন কৰা হয়।
© Copyright applicable
**************
Nice
ReplyDelete