Class 6 Assamese lessso 14 question answer | Chapter 14 SEBA | Alusona.com

 



ষষ্ঠ শ্ৰেণী/অসমীয়া

পাঠ নং ১৪

               স্কাউট আৰু গাইড


১/উত্তৰ দিয়া।

(ক)দৰ্শনাহঁতে দূৰদৰ্শনৰ বাতৰিত কোনখন নদীৰ বানপানী দৃশ্য দেখা পাইছিল?

উত্তৰ=দৰ্শনাহঁতে দূৰদৰ্শনৰ বাতৰিত পুঠিমাৰী নদীৰ বানপানী দৃশ্য দেখা পাইছিল।

(খ)চৰকাৰী বাহিনীয়ে বানপীড়িত ৰাইজৰ মাজত কি কি বিতৰণ কৰিছিল?

উত্তৰ=চৰকাৰী বাহিনীয়ে বানপীড়িত ৰাইজৰ মাজত চাউল,চিৰা,গুৰ বিতৰণ কৰিছিল।

(গ)চৰকাৰী বাহিনীক সহায় কৰা যুৱক-যুৱতীসকল কোন?

উত্তৰ=চৰকাৰী বাহিনীক সহায় কৰা যুৱক-যুৱতীসকল স্কাউট আৰু গাইডৰ সদস্য।

(ঘ)যুৱক-যুৱতীসকলে কি পোছাক পিন্ধি বান সাহায্যৰ কাম কৰিছিল?

উত্তৰ=যুৱক-যুৱতীসকলে নীলা পোছাক,মূৰত টুপী আৰু ডিঙিত স্কাৰ্ফ পিন্ধি বান সাহায্যৰ কাম কৰিছিল।

(ঙ)দৰ্শনাহঁতৰ দেউতাকে স্কাউট আৰু গাইডৰ বিষয়ে কেনেকৈ জানিলে?

উত্তৰ=দৰ্শনাহঁতৰ দেউতাকে এসময়ত স্কাউট আৰু গাইডৰ সদস্য আছিল।সেইবাবে দৰ্শনাহঁতৰ দেউতাকে স্কাউট আৰু গাইডৰ বিষয়ে জানিলে।


২/কাষৰ পৰা শব্দ আনি তলৰ বাক্যকেইটা সম্পূৰ্ণ কৰা।

[বন্ধুত্ব,ত্যাগ,আনুগত্য,সাধুতা,পৰোপকাৰ]

(ক)স্বাধীনতা আন্দোলনত মহাত্মা গান্ধীয়ে অশেষ____ স্বীকাৰ কৰিছিল।

উত্তৰ=স্বাধীনতা আন্দোলনত মহাত্মা গান্ধীয়ে অশেষ ত্যাগ স্বীকাৰ কৰিছিল।

(খ)জননী জন্মভূমিৰ প্ৰতি প্ৰতিজন মানুহৰ_____থকা উচিত।

উত্তৰ=জননী জন্মভূমিৰ প্ৰতি প্ৰতিজন মানুহৰ আনুগত্য থকা উচিত।

(গ)সদায় ভাল সংগৰ লগত_____কৰিব লাগে।

উত্তৰ=সদায় ভাল সংগৰ লগত বন্ধুত্ব কৰিব লাগে।

(ঘ)_____গুণে মানুহক মহান কৰে।

উত্তৰ=সাধুতা গুণে মানুহক মহান কৰে।

(ঙ)_____স্কাউট আৰু গাইডৰ মূল কথা।

উত্তৰ=পৰোপকাৰ স্কাউট আৰু গাইডৰ মূল কথা।


৩/তলত দিয়া বিশেষ্য পদবোৰৰ পৰা গুণবাচক বিশেষ্যবোৰ বাছি উলিয়াই লিখা।

[দেশ,লক্ষ্য,বুলবুল,একতা,সংকল্প,গাইড,পৰোপকাৰ,ত্যাগ,দয়া,আনুগত্য,বন্ধুত্ব,পতাকা]

উত্তৰ=

লক্ষ্য, একতা, সংকল্প, পৰোপকাৰ, ত্যাগ, দয়া, আনুগত্য, বন্ধুত্ব।


৪/বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা।

উত্তৰ=

ন্যায় ------------ অন্যায়।

সৎচৰিত্ৰ ----------- অসৎচৰিত্ৰ।

সাধু ------------ অসাধু।

বিশ্বাস ---------- অবিশ্বাস।

হিত ------------ অহিত।

©Polakh changmai

                   *************

Comments

Popular posts from this blog

মাকনৰ চিঠি | Class 3 Assamese chapter 5 question answer | তৃতীয় শ্ৰেণীৰ অসমীয়া