মনোৰম মাজুলী | Class 6 Assamese book Ankuran Question answer ankuran lessso 12
ষষ্ঠ শ্ৰেণী/অসমীয়া
পাঠ নং ১২
মনোৰম মাজুলী
১/বিহু,ৰাস উৎসৱ,পালনাম,ভাওনা,সবাহ আদিৰ উপৰি মাজুলীত আৰু কি উৎসৱ পালন কৰা হয়?
উত্তৰ=বিহু,ৰাপ উৎপল,পালনাম,ভাওনা,সবাহ আদিৰ উপৰি মাজুলীত আৰু আলি-আয়ে-লৃগাং,ৰাজকেবাং,বাথৌ পুজা আদি উৎপল পালন কৰা হয়।
২/উত্তৰ লিখা।
(ক)"কি ক'বা!ইয়াত মানুহৰ সপোনে পোখা মেলে,কিন্তু বানপানী আৰু গৰাখহনীয়াই সেই পোখা মোহাৰি পেলায়।"-------কথাষাৰ কোনে কি প্ৰসঙ্গত কিয় কৈছিল?
উত্তৰ=উক্ত কথাষাৰ বৰুৱা ছাৰে কৈছিল।মাজুলীত আগতে পঁয়ষষ্ঠিখন সত্ৰ আছিল।কিন্তু ব্ৰক্ষ্মপুত্ৰৰ গৰাখহনীয়াত বহু সত্ৰ উটি গ'ল।বৰ্তমান মাজুলীত সৰু-বৰ মিলি মুঠ বাইশখন সত্ৰ আছে।সেইকাৰণে বৰুৱা ছাৰে উক্ত প্ৰসংগতে কথাষাৰ কৈছিল।
(খ)"বুজিছা,মাজুলীৰ সত্ৰসমূহৰ ভিতৰত দক্ষিণপাট,গড়মূৰ, আউনীআটী,কমলাবাৰী,বেঙেনাআটি,চামগুৰি আদি প্ৰতিখন সত্ৰৰে সুকীয়া সুকীয়া বৈশিষ্ট্য আছে।"——কোনখন সত্ৰৰ কি কি বৈশিষ্ট্য আছে?
উত্তৰ=
১)গড়মূৰ সত্ৰ:-মাজুলীত বহুতো সত্ৰ আছে।তাৰে ভিতৰত এখন হ'ল গড়মূৰ সত্ৰ।গড়মূৰ সত্ৰত আহোমৰ দিনৰ বৰটোপ সংৰক্ষণ কৰি ৰখা হৈছে।অসমত থকা গড়মূৰ সত্ৰৰ আন বহুতো সুকীয়া বৈশিষ্ট্য আছে।
২)আউনীআটি সত্ৰ:-পালনাম আৰু অপ্সৰা নৃত্য আউনীআটী সত্ৰৰ অসমীয়া সংস্কৃতিলৈ বিশেষ অৱদান।ইয়াৰ উপৰিও অসমীয়া ঠাঁচৰ আ-অলংকাৰ আৰু বাচন-বৰ্তনও বিখ্যাত।
৩)কমলাবাৰী সত্ৰ:-কমলাবাৰী সত্ৰ শিল্প,সাহিত্য আৰু নানান সত্ৰীয়া শৈলীৰ সংৰক্ষণ থলী।
৪)বেঙেনাআটি সত্ৰ:-বেঙেনাআটি সত্ৰত সাঁচি পাতৰ পুথি আৰু হাতীদাঁতৰ বিভিন্ন অলংকাৰ,হাতীদাঁতৰ পাটী আদি সংৰক্ষিত হৈ আছে।
৫)চামগুৰি সত্ৰ:-ভাওনাৰ বিভিন্ন চৰিত্ৰৰ সাৰ্থক প্ৰতিফলনৰ বাবে মুখাশিল্প সংৰক্ষণ কৰি থোৱা আছে।মুঠতে চামগুৰি সত্ৰ মুখা-শিল্পৰ বাবে বিখ্যাত।
৩/মাজুলীৰ বিষয়ে দহটা বাক্য লিখা।
উত্তৰ=
১)মাজুলী পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদী দ্বীপ।
২)এই দ্বীপটো চাবলৈ দেশ বিদেশৰ পৰা পৰ্যতক আহে।
৩)মাজুলীত বৰ্তমানে সৰু-বৰ মিলি মুঠ বাইশখন সত্ৰ আছে।
৪)তাৰে কেইখনমান সত্ৰ হ'ল আউনীআটি সত্ৰ,কমলাবাৰী সত্ৰ,বেঙেনাআটি সত্ৰ,চামগুৰি সত্ৰ,গড়মূৰ সত্ৰ ইত্যাদি।
৫)এই সত্ৰ সমূহৰ বহুতো সুকীয়া সুকীয়া বৈশিষ্ট্য আছে।
৬)মাজুলীত বহুতো উৎসৱ পালন কৰা হয়।
৭)তাৰে কেইটামান উৎসৱৰ নাম হ'ল বিহু,পালনাম,ভাওনা,সবাহ,আলি-আয়ে-লৃগাং,বাথৌ পুজা আদি।
৮)পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা সংস্কৃতি প্ৰেমী ব্যক্তি আহি ইয়াত সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ লয়।
৯)মাজুলী বহুতো শিল্প-কলাৰ বাবেও বিখ্যাত।
১০)গতিকে শংকৰদেৱৰ দিনৰে পৰা মাজুলীত চলি অহা সংস্কৃতি,নামঘৰ সমূহৰ ঐতিহ্যক অক্ষুণ্ণ ৰাখিবলৈ প্ৰয়াস কৰা উচিত।
৪/উপযুক্ত পুৰুষবাচক বিভক্তিৰে বাক্য পূৰ কৰা।
(ক)ছাৰ,আপোনাৰ দেউতা____কোন আছিল?
উত্তৰ=ছাৰ,আপোনাৰ দেউতাৰা কোন আছিল?
(খ)গগৈ বাইদেৱে ক'লে——"তগৰ,তোমাৰ মা____আহিছে।"
উত্তৰ=গগৈ বাইদেৱে ক'লে——"তগৰ,তোমাৰ মাৰা আহিছে।"
(গ)তোৰ ককা____ৰ বয়স কিমান হ'ল?
উত্তৰ=তোৰ ককাৰৰ বয়স কিমান হ'ল?
(ঘ)তোমাৰ পেহী_____ক চিনি পাওঁ?
উত্তৰ=তোমাৰ পেহীয়েৰাক চিনি পাওঁ?
(ঙ)প্ৰভাতৰ আইতা_____আহিব।
উত্তৰ=প্ৰভাতৰ আইতাক আহিব।
৫/বাক্য সাজা।
উত্তৰ=
পৰিভ্ৰমী:-কুলি এবিধ পৰিভ্ৰমী চৰাই।
ৰহণ:-সি কথাবোৰ ৰহণ লগাই কয়।
সংৰক্ষণ:-আমি পানী সংৰক্ষণ কৰিব লাগে।
মণিকূট:-আমাৰ গাঁৱৰ নামঘৰৰ মণিকূটটো ডাঙৰ।
সীৰলু:-সীৰলু হাল বাউতে ব্যৱহাৰ কৰা হয়।
মায়াময়:-মায়াময় সংসাৰত ভগবানক য'তে ত'তে বিচাৰি হাবাথুৰি খোৱা হয়।
কিৰীলি:-পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ পিছত ছাত্ৰ-ছাত্ৰী সকলে কিৰীলি পাৰি চিয়ৰিবলৈ ধৰিলে।
৬/সমাৰ্থক শব্দ লিখা।
উত্তৰ=
পৃথিৱী ------ ধৰা,বসুমতী,ধৰণী।
সুচল ---- স্বচ্ছল,ফট্ফটীয়া।
আনন্দ --- সুখ,উল্লাস,স্ফুৰ্তি।
লেখীয়া ---- ধৰণৰ,নিচিনা।
চুই ---- স্পৰ্শ,লাৰি।
শেষ ----- অন্ত,সমাপ্ত।
বেছি --- বহুত,ডাঙৰ।
বিখ্যাত --- পৰিচিত,জনাজাত।
নিশা ---- ৰজনী,ৰাতি,ৰাত্ৰি।
© Copyright material ( polAkh changmai
**************
Comments
Post a Comment