বেবেৰিবাং | Class 6 assamese book Ankuran question answer lesson 8 |chapter 8 Question Answer |SCERT
যষ্ঠ শ্ৰেণী/অসমীয়া
পাঠ নং ৮
বেবেৰিবাং
১/কবিতাফাকিৰ পৰা তলৰ দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা।
(ক)ফুচুক ফাচাক কথা এটাই
চুচুক চামাক কৈ
জুপুক জাপাক বুঢ়াৰ পেটত
আছিল কথমপি ৰৈ।
*কেনেকুৱা কথাই চুচুক চামাককৈ ৰৈ আছিল?
উত্তৰ=ফুচুক ফাচাক কথা এটাই চুচুক চামাককৈ ৰৈ আছিল।
*কাৰ পেটত কথাটো কথমপি ৰৈ আছিল?
উত্তৰ=বুঢ়াৰ পেটত কথাটো কথমপি ৰৈ আছিল।
(খ)পোলোক পালাক চকুৰে চাই
মোলক দেউ আহিল
গুজুক গাজাক কথাৰ মেল
তিনি পৰ মান বহিল।
*পোলোক পালাক চকুৰে চাই কোন আহিছিল?
উত্তৰ= পোলোক পালাক চকুৰে চাই মোলোক দেউ আহিছিল।
*কথাৰ মেল কিমান পৰ বহিছিল?
উত্তৰ=কথাৰ মেল তিনি পৰ বহিছিল।
২/ভল ভলীয়া বুঢ়া সলসলীয়া মুখ
এবাৰ সুৰুঙা পাই
ঢোলোক ঢালাক বাগৰি পৰিল
ফুচুক ফাচাক কৈ।
----কথাখিনিৰ ভাব বহলাই লিখা।
উত্তৰ=এই কথাফাকিত বেবেৰিবাং কবিতাটিৰ বুঢ়া মানুহজনৰ কথা কোৱা হৈছে।বুঢ়া মানুহজনে ভলভলীয়া কৈ সকলো কথা আন মানুহৰ আগত কৈ দিয়ে।যিবিলাক কথা এজন মানুহে আন এজনক কৈ সেই কথাটো আনক নকবলৈ কয়,তেনে কথা বুঢ়া মানুহজনে আনক কৈ দিয়ে।এদিন বুঢ়া মানুহজনে মোলোক দেউক লগ পাই তেওঁৰ পেটত থকা ফুচুক ফাচাক কথাবোৰ কৈ দিয়াৰ ফলত মোলোক দেউয়ে আন এজনৰ আগত কৈ কথাটো বহলাই পেলায়।
৩/উত্তৰ দিয়া।
(ক)ভাত উতলাদি ভুতুক ভাতাক কৈ বুঢ়াৰ পেটত উতলি থাকি কোন ওলাব নোৱাৰা হৈ আছিল?
উত্তৰ=ভাত উতলাদি ভুতুক ভাতাক কৈ বুঢ়াৰ পেটত উতলি থাকি ফুচুক ফাচাক কথা ওলাব নোৱাৰা হৈ আছিল।
(খ)মোলোক দেউ কেনেকৈ যাবলৈ ওলাল?
উত্তৰ=মোলোক দেউ টুপুক টাপাক কৈ যাবলৈ ওলাল।
(গ)মোলোক দেউৱে কেনেদৰে বাট বুলিছিল?
উত্তৰ=মোলোক দেউৱে মুচুক মাচাক কৈ হাঁহি বাট বুলিছিল।
৪/শব্দৰ লগত অৰ্থ মিলাৱা।
শব্দ
-----------
আটা,আতা,কাণ,কান
অৰ্থ
----------
শুনা ইন্দ্ৰিয়,কান্ধ,ঘেঁহুৰ গুড়ি,পিতাকৰ পিতাক
উত্তৰ=
শব্দ ----------------------------- অৰ্থ
-------------------------------------------------
আটা --------------- ঘেঁহুৰ গুড়ি
আতা -------------- পিতাকৰ পিতাক
কাণ ----------------- শুনা ইন্দ্ৰিয়
কান ------------------------ কান্ধ
৫/তলত দিয়া শব্দবোৰেৰে কবিতা দুফাকি সম্পূৰ্ণ কৰা।
[খেচ্ খেচ্,গুণ্গুণ্,মচক্ মচক্,কেৰ্ মেৰ্,কুল্কুল্,মিচিক্ মাচাক্,তিৰ্বিৰ্,থৰক্ বৰক্]
(ক)নিজৰা বৈ যায়
___________ কৈ
ভোমোৰাই উৰে ফুৰে
___________ কৈ।
বতাহত বাঁহ জোপাই
____________ কৰে।
আকাশত তৰাবোৰে
____________ কৰে।
উত্তৰ=
নিজৰা বৈ যায়
কুল্কুল্ কৈ
ভোমোৰাই উৰি ফুৰে
গুণ্গুণ্ কৈ।
বতাহত বাঁহ জোপাই
কেৰ্ মেৰ্ কৰে।
আকাশত তৰাবোৰে
তিৰ্বিৰ্ কৰে।
(খ)নপঢ়িলে দেউতাই
_________ কৰে।
_________ হাঁহি মাৰি
ভাইটি লৰ মাৰে।
আইতা আহে ওচৰ চাপি
__________ কৰি।
ভণ্টিও আহে বিস্কুট খাই
_________ কৰি।
উত্তৰ=
নপঢ়িলে দেউতাই
খেচ্ খেচ্ কৰে।
মিচিক্ মাচাক্ হাঁহি মাৰি
ভাইটি লৰ মাৰে।
আইতা আহে ওচৰ চাপি
থৰক্ বৰক্ কৰি।
ভণ্টিও আহে বিস্কুট খাই
মচক্ মাচাক্ কৰি।
©Polakh changmai (copyright material)
**************
Comments
Post a Comment