Class 6 Assamese question answer Chapter 15 | lesson 15 মহো হো গীত | Alusona.con

 


ষষ্ঠ শ্ৰেণী/অসমীয়া

পাঠ নং ১৫


               মহো-হো গীত


১/পাঠত দিয়া মহো-হো গীতটোত দুবিধ কৃষি সঁজুলিৰ নাম আছে।সঁজুলি দুবিধ কি কি?

উত্তৰ=সঁজুলি দুবিধ হ'ল নাঙল আৰু মৈ।


২/উত্তৰ দিয়া।

(ক)মহ মাৰিবলৈ চেমনীয়াহঁতে হাতে হাতে কি লৈছে?

উত্তৰ=মহ মাৰিবলৈ চেমনীয়াহঁতে হাতে হাতে টকান লৈছে।

(খ)হিদাল গছত গা ঘহাওঁতে কি হ'ল?

উত্তৰ=হিদাল গছত গা ঘহাওঁতে হিদেলি গছ পৰিল।

(গ)মহ খেদিবলৈ যোৱা ল'ৰাহঁতক গৃহস্থ‌ই চাউলৰ সলনি কি দিছে?

উত্তৰ=মহ খেদিবলৈ যোৱা ল'ৰাহঁতক গৃহস্থ‌ই চাউলৰ সলনি কড়ি দিছে।

(ঘ)'টাকা' আৰু 'সিকি' মানে কি?

উত্তৰ='টাকা' মানে হ'ল— টকা আৰু 'সিকি' মানে হ'ল— পঁচিশ প‌ইচাৰ মুদ্ৰা।

(ঙ)মহো-হো গীতটোত উল্লেখ থকা নৈখনৰ নাম লিখা।

উত্তৰ=মহো-হো গীতটোত উল্লেখ থকা নৈখনৰ নাম হ'ল বুঢ়াদিয়া।


৩/তলৰ পদবোৰত কি কি বিভক্তি যুক্ত হৈছে লিখা।

উত্তৰ=

পদ ----------------------- বিভক্তি

-------------------------------------------------

মাকোক -------- দ্বিতীয় বিভক্তি।

টেপৰত ------ সপ্তমী বিভক্তি।

ৰূপাৰ ----- ষষ্ঠী বিভক্তি।

সিৰালে ----- প্ৰথমা বিভক্তি।

সোণাৰ ----- ষষ্ঠী বিভক্তি।

বুঢ়াদিয়াৰ ----- ষষ্ঠী বিভক্তি।

ঘাটে ------ প্ৰথমা বিভক্তি।


৪/মহো-হো গীতটোত থকা পাঁচটা বিশেষ্য আৰু পাঁচটা ক্ৰিয়াপদ বাছি উলিয়াই তাৰ মান্যৰূপবোৰ লিখা।

উত্তৰ=

বিশেষ্য পদ ----------- মান্যৰূপ

-----------------------------------------------

টকান ------- টাঙোন।

গাছ -------- গছ।

গাও -------- গা/শৰীৰ।

মহো -------- ম'হ।

নুণ -------- নিমখ।


ক্ৰিয়াপদ --------------- মান্যৰূপ

------------------------------------------------

মাইৰ্‌বা ------ মাৰিবলৈ।

খাইৰে --------- খালে।

লৰি-চৰি ------- লৰা-ধপৰাকৈ।

ক‌ইৰ্‌লু ------ কৰিলোঁ।

দেইখ্‌বা ---------- দেখিবলৈ।


৫/বাক্য ৰচনা কৰা।

উত্তৰ=

চক্‌চকীয়া=আমাৰ ঘৰটো চক্‌চকীয়া।


চিক্‌মিকীয়া=সূৰ্যৰ পোহৰত সাগৰৰ পাৰৰ পাৰৰ বালিবোৰ চিক্‌মিকীয়া।


সিকি=কালি ম‌ই সিকিৰে মৰটন এটা কিনিলোঁ।


সীৰলু=দেউতাই নাঙলত সীৰলু খুৱাইছে।


টাঙোন=ল'ৰাবোৰে হাতত টাঙোন লৈ মহো-হো গীত গাইছে।


৬/পাঠত দিয়া মহো-হো গীতটোৰ পৰা তলত দিয়া শব্দবোৰৰ মান্য অসমীয়া ৰূপবোৰ লিখা।

উত্তৰ=

টকান ------ টাঙোন।

গাছত ------ গছত।

দিলাক ------ দিলে।

মাকোক ----- মাকক।

মাইৰ্‌বা ----- মাৰিবলৈ।

নুণ ----- নিমখ।

দেইখ্‌বা ---- দেখিবলৈ।

ক‌ইৰ্‌লু ----- কৰিলোঁ।

© Copyright material

                **************

Comments

Popular posts from this blog

মাকনৰ চিঠি | Class 3 Assamese chapter 5 question answer | তৃতীয় শ্ৰেণীৰ অসমীয়া