Class 6 social science chapter 1 question answer Assamese medium



পাঠ নং ১
সৌৰজগতত আমাৰ পৃথিৱী

১| তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা---------
ক) সৌৰজগত বুলিলে কি বুজা? 
উত্তৰ= সূর্যক কেন্দ্ৰ কৰি পৃথিৱীৰ সৈতে  অন্যান্য গ্ৰহ, অনেক উপগ্ৰহৰ উপৰি ধূমকেতু, উল্কা আৰু গ্ৰহাণুপুঞ্জক লৈ‌ সৃষ্টি হোৱা সূর্যৰ পৰিয়ালকে সৌৰজগত বোলে।
খ) সূর্যৰ পৰা দূৰত্ব অনুসৰি একাদিক্ৰমে গ্ৰহবোৰৰ নাম লিখা।
উত্তৰ= সূর্যৰ পৰা দূৰত্ব অনুসৰি একাদিক্ৰমে গ্ৰহবোৰৰ নাম হ'ল-- বুধ,শুক্র, পৃথিৱী, মঙ্গল, বৃহস্পতি,শনি, ইউৰেনাছ আৰু নেপচুন।
গ) সূর্য কি? সূর্যৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ=  সূর্য হ'ল অতি উত্তপ্ত নক্ষত্ৰ। সূর্যৰ ওপৰ অংশৰ উত্তাপ প্ৰায় ৬০০০ডিগ্ৰী চেলচিয়াছ।সূর্যৰ বয়স ৫০০ কোটি বছৰৰ ওচৰা-ওচৰি। সূর্যৰ প্ৰচুৰ শক্তিৰ উৎস আৰু ইয়াৰ বাবেই পৃথিৱী গ্ৰহত জীৱৰ জীৱন ধাৰণ সম্ভৱ হৈছে। পৃথিৱীত হোৱা দিন-ৰাতি, ঋতু পৰিৱৰ্তন, বতৰৰ সাল-সলনি, এই সকলোবোৰে প্ৰধান কাৰণ হৈছে সূর্য।
২| উত্তৰ লিখা----
ক) নিজৰ পোহৰ থকা তৰাবোৰক কি বুলি কোৱা হয়?
উত্তৰ= নিজৰ পোহৰ থকা তৰাবোৰক নক্ষত্ৰ বোলে।
খ) পৃথিৱীৰ পৰা আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি? 
উত্তৰ= পৃথিৱীৰ পৰা আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম হ'ল শুক্র। 
গ) আমি তাপ আৰু পোহৰ পোৱা নক্ষত্ৰ টোৰ নাম কি? 
উত্তৰ= আমি তাপ আৰু পোহৰ পোৱা নক্ষত্ৰ টোৰ নাম হ'ল সূর্য।
ঘ) ৰাতিৰ আকাশত তীব্ৰভাৱে গতি কৰি ধ্বংস হোৱা উজ্বল পিণ্ডবোৰক কি বুলি জনা যায়? 
উত্তৰ= ৰাতিৰ আকাশত তীব্ৰভাৱে গতি কৰি ধ্বংস হোৱা উজ্বল পিণ্ডবোৰক উল্কা পিণ্ড বুলি জনা যায়।
৩| পাঠৰ চিত্ৰ-৩ ত থকা সৌৰজগতৰ চিত্ৰখন পর্যৱেক্ষণ কৰি তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা------
ক) সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম কি? 
উত্তৰ= সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম হ'ল নেপচুন।
খ) ইউৰেনাছ গ্ৰহটো কোন দুটা গ্ৰহৰ মাজত অৱস্থিত? 
উত্তৰ= ইউৰেনাছ গ্ৰহটো শনি আৰু নেপচুন গ্ৰহ দুটাৰ মাজত অৱস্থিত।
গ) সূর্যৰ পৰা পৃথিৱীৰ অৱস্থান কেই নম্বৰ স্থানত? 
উত্তৰ= সূর্যৰ পৰা পৃথিৱীৰ অৱস্থান তৃতীয় স্থানত।
ঘ) সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি? 
উত্তৰ= সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম হ'ল বৃহস্পতি গ্ৰহ
ঙ) গ্ৰহাণুপুঞ্জবোৰ কোন দুটা গ্ৰহৰ মাজত দেখা যায়? 
উত্তৰ= গ্ৰহানুপুঞ্জবোৰ মঙ্গল আৰু বৃহস্পতি গ্ৰহৰ মাজত দেখা পোৱা যায়।
৪| শুদ্ধ উত্তৰটো লিখা-----
ক) পৃথিৱীৰ যমজ বুলি কোনটো গ্ৰহক কোৱা হয়? 
(১) বুধ          (২) শুক্র
           (৩) মঙ্গল       (৪) শনি
উত্তৰ= শুক্ৰ।
খ) সৌৰজগতৰ অস্থায়ীভাৱে ভুমুকি মৰা  উজ্বল বাষ্পপিণ্ডবোৰ হ'ল---------
(১) ধূমকেতু      (২) গ্ৰহাণুপুঞ্জ
      (৩) উপগ্ৰহ       (৪) নক্ষত্ৰ
উত্তৰ= ধূমকেতু।

Comments

Popular posts from this blog

মাকনৰ চিঠি | Class 3 Assamese chapter 5 question answer | তৃতীয় শ্ৰেণীৰ অসমীয়া