Class 6 Assamese Question Answer | Class 6 Assamese Book ankuran chapter 9 Question Answer | SCERT

 


ষষ্ঠ শ্ৰেণী/অসমীয়া

পাঠ নং ৯

     আইতাক ম‌ই কিদৰে পঢ়িবলৈ শিকালোঁ


১/পাঠৰ প্ৰথম দফাটো পঢ়ি তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া।

(ক)দফাটোৰ প্ৰথম বাক্যটোত উল্লেখ কৰা 'ম‌ই' শব্দটোৱে কাক বুজাইছে?

উত্তৰ=দফাটোৰ প্ৰথম বাক্যটোত উল্লেখ কৰা 'ম‌ই' শব্দটোৱে লেখক সুধা মূৰ্তিক বুজাইছে।

(খ)সেই সময়ত যোগাযোগ ব্যৱস্থা কেনে আছিল?

উত্তৰ=সেই সময়ত যোগাযোগ ব্যৱস্থা অতি বেয়া আছিল।

(গ)প্ৰতিদিনে কাকত-পত্ৰবোৰ চহৰৰ পৰা কিহেৰে আহিছিল?

উত্তৰ=প্ৰতিদিনে কাকত-পত্ৰবোৰ চহৰৰ পৰা বাছেৰে আহিছিল।

(ঘ)বাছখন গাঁও আহি পোৱালৈ অধীৰ আগ্ৰহেৰে বাট চাই থকাৰ কাৰণ কি?

উত্তৰ=বাছখন গাঁও আহি পোৱালৈ অধীৰ আগ্ৰহেৰে বাট চাই থকাৰ কাৰণ হ'ল সেইখনত চহৰৰ পৰা প্ৰতিদিনে কাকত-পত্ৰবোৰ আহিছিল।


২/উত্তৰ লিখা।

(ক)পাঠত উল্লেখ কৰা সাপ্তাহিক কাকতখনৰ নাম কি?

উত্তৰ=পাঠত উল্লেখ কৰা সাপ্তাহিক কাকতখনৰ নাম হ'ল 'কৰ্মবীৰ'।

(খ)আইতাকে কাকতখন কিয় ভাল পাইছিল?

উত্তৰ=কন্নড় ভাষাৰ জনপ্ৰিয় লেখক এজনৰ এগৰাকী বৃদ্ধাক কেন্দ্ৰ কৰি লিখা 'কাশীযাত্ৰী' নামৰ উপন্যাসখন ধাৰাবাহিকভাৱে কাকতখনত প্ৰকাশিত হৈছিল আৰু সেই উপন্যাসখনৰ কথা আইতাৰ লগত মিল আছিল।সেইবাবে আইতাকে কাকতখন ভাল পাইছিল।

(গ)আইতাকে লোৱা দৃঢ় সংকল্পটো কি?

উত্তৰ=আইতাকে লোৱা দৃঢ় সংকল্পটো হ'ল তেওঁ কন্নড় বৰ্ণমালা শিকিব আৰু শিকন সমাপ্ত কৰিব সৰস্বতী পুজাৰ দিনা আৰু তেওঁ শিক্ষাৰ ক্ষেত্ৰত স্বাধীন হ'ব‌ই।


৩/শব্দৰ লগত অৰ্থ মিলাই লিখা।

উত্তৰ=

শব্দ ----------------------------- অৰ্থ

------------------------------------------------

স্বচ্ছল -------- সুচল অৱস্থা,ফট্‌ফটীয়া।

অতিক্ৰম ----- পাৰ হৈ যোৱা কাৰ্য।

উদ্‌গ্ৰীৱ ---- ব্যগ্ৰ,উৎকণ্ঠিত,আগ্ৰহান্বিত।

দৃঢ়সংকল্প --- কঠোৰ পণ,নিশ্চিত সংকল্প।

অক্ষম ----- নোৱাৰা,অপৰাগ।

প্ৰচেষ্টা ------- বিশেষ চেষ্টা,যত্ন।

সিদ্ধান্ত -------- নিৰ্ধাৰণ,মীমাংসা।


৪/তলৰ বাক্যকেইটা কোনে,কেতিয়া আৰু কিয় কৈছিল?

——— "ভাল কামৰ বাবে প্ৰতিজ্ঞাৱদ্ধ হোৱা তেন্তে শতেক বাধা-বিঘিনি অতিক্ৰম কৰি তুমি লক্ষ্যত উপনীত হ'ব পাৰিবা।"

উত্তৰ=উক্ত কথাষাৰ আইতাই কৈছিল।

    নাতিনীয়ে আইতাই পঢ়িবলৈ বিচাৰোঁতে ইমান বুঢ়া বয়সত পঢ়িব নোৱাৰিব বুলি কোৱাত আইতাই এনেদৰে কৈছিল।কাৰণ আইতাই শিক্ষা গ্ৰহণ কৰি শিক্ষাৰ ক্ষেত্ৰত স্বাধীন হ'ব বিচাৰিছিল।


——— "যি শিক্ষাই আজি মোক পঢ়াৰ স্বাধীনতা দিলে,সেই শিক্ষা দান কৰা শিক্ষয়িত্ৰীক ম‌ই কিয়বা সন্মান নকৰিম।"

উত্তৰ=উক্ত কথাষাৰ 

আইতাই কৈছিল।

   আইতাই নাতিনীৰ ভৰি স্পৰ্শ কৰোতেঁ নাতিনীয়ে চক্ খাই উঠাত আইতাই এনেদৰে কৈছিল।


৫/তলৰ বাক্যকেইটাৰ পদৰ লগত যুক্ত বিভক্তিবোৰ বাছি উলিওৱা আৰু কোনবোৰ ক্ৰিয়া বিভক্তি আৰু কোনবোৰ শব্দ বিভক্তি লিখা।

(ক)ৰামে লক্ষ্মণ আৰু সীতাৰ সৈতে বনবাস খাটিছিল।

উত্তৰ=ৰামে(ৰাম+এ) ---- শব্দ বিভক্তি।

সীতাৰ(সীতা+ৰ) ---- শব্দ বিভক্তি।


(খ)বনত তেওঁলোকে ফল-মূল খাই জীৱন নিৰ্বাহ কৰিলে।

উত্তৰ=বনত(বন+অত) ---- শব্দ বিভক্তি।

তেওঁলোকে(তেওঁলোক+এ) ---- শব্দ বিভক্তি।

খাই(খা+ই)‌ ----- ক্ৰিয়া বিভক্তি।

কৰিলে(কৰ্+ইল্+এ) ---- ক্ৰিয়া বিভক্তি।


(গ)চৈধ্য বছৰৰ পাছত তেওঁলোক অযোধ্যালৈ উভতি আহিল।

উত্তৰ=বছৰৰ(বছৰ+ৰ) --- শব্দ বিভক্তি।

অযোধ্যালৈ(অযোধ্যা+লৈ) ------ শব্দ বিভক্তি।

© Copyright material*polakh changmai)

                      ************

Comments

Popular posts from this blog

মাকনৰ চিঠি | Class 3 Assamese chapter 5 question answer | তৃতীয় শ্ৰেণীৰ অসমীয়া