Class 6 assamese chapter 5 question answer | গুৰুদক্ষিণা | Alusona.com

পাঠ নং ৫
   ‌             গুৰুদক্ষিণা

১) উত্তৰ লিখা -
ক)ভাৰতৰ প্ৰাচীন বিশ্ববিদ্যালয় দুখনৰ নাম লিখা ।
উত্তৰ=ভাৰতৰ প্ৰাচীন বিশ্ববিদ্যালয় দূখনৰ নাম হ'ল নালন্দা আৰু তক্ষশীলা।
খ)লুইতৰ দাঁতিৰ কোন ঠাইত এখন বিশ্ববিদ্যালয় আছিল?
উত্তৰ=লুইতৰ দাঁতিৰ বৰ্তমান নগাঁও জিলাৰ শিলঘাট অঞ্চলত এখন বিশ্ববিদ্যালয় আছিল।
গ)বশিষ্ঠ আশ্ৰমৰ টোলৰ অধ্যাপক জনৰ নাম কি?
উত্তৰ=বশিষ্ঠ আশ্ৰমৰ টোলৰ অধ্যাপক জনৰ নাম হ'ল বেদকণ্ঠ।
ঘ) ছাতৰসকলে বছৰত একোবাৰ নগৰলৈ কিয় যাব লগা হৈছিল?
উত্তৰ=ছাতৰসকলে খুজি মাগি যি পাইছিল তাকেই আনি গুৰুক দক্ষিণা হিচাপে নিবেদন কৰিবলৈ বছৰত একোবাৰকৈ   নগৰলৈ যাব লগা হৈছিল।
ঙ)গুৰুৰ পৰামৰ্শ  কোনজন ছাতৰে গ্ৰহণ কৰিব নোৱাৰিলে ?
উত্তৰ=গুৰুৰ পৰামৰ্শ সত্যব্রত নামৰ ছাতৰজনে  গ্ৰহণ কৰিব নোৱাৰিলে।
চ)প্ৰকৃত গুৰুদক্ষিণা কোনে দিব পাৰিলে ?
উত্তৰ=প্ৰকৃত গুৰুদক্ষিণা সত্যব্ৰতে দিব পাৰিলে।

২)চমু উত্তৰ দিয়া-
ক)গুৰুৱে ছাতৰসকলক ওচৰলৈ মাতি আনি কি কৈছিল?
উত্তৰ=গুৰুৱে ছাতৰসকলক ওচৰলৈ মাতি আনি কৈছিল যে-- ম‌ই বুঢ়া হৈ আহিছোঁ আৰু উপাৰ্জন কমি আহিছে।গতিকে ত'হতে মোক ধন-সোণ গোটাই দে'হক।

খ)ছাতৰসকলক গুৰুৱে কি উপায়েৰে ধন গোটাই অনাৰ পৰামৰ্শ দিছিল ?
উত্তৰ=ছাতৰসকলক গুৰুৱে কোনেও নেদেখাকৈ গছৰ আঁৰত লুকাই থাকি কাষেদি কোনোবা ধনী সাউদ গলে ততালিকে তাৰ পৰা যি ধন - সোণ পায় তাক লুটি ধন গোটাই অনাৰ পৰামৰ্শ দিছিল। 
গ)গুৰুৰ পৰামৰ্শ পাই ছাতৰসকলে কি কৰিলে ? 
উত্তৰ=গুৰুৰ পৰামৰ্শ পাই ছাতৰসকলে কিৰীলি পাৰি যাবলৈ ওলাল ।
ঘ)গুৰুৰ অনুমতি পাই সত্যব্ৰতে কি ক'লে ?
উত্তৰ=গুৰুৰ অনুমতি পাই সত্যব্ৰতে ক'লে যে পৃথিৱীৰ এনে ঠাই নাই য'ত ঈশ্বৰ নাই।আমি একো কাম কৰিব নোৱাৰোঁ যি কাম ঈশ্বৰে নিশ্বয় দেখিব!লোকৰ ধন-সোণ চুৰ কৰি ডকা-হকা দি আনিলে সেইকথা আনে নাজানিলেও ঈশ্বৰে জানিব।

৩)কোনে কাক কেতিয়া কৈছিল লিখা।
ক)"বাছাহঁত।মই বুঢ়া হৈ আহিছোঁ।উপাৰ্জনো টুটি আহিছে।তহঁতক ইমানদিনে পঢ়ায় শুনাই খুঁটি খাব পৰা কৰিবলৈ সদায় যত্ন কৰিছোঁ।"
উত্তৰ=উক্ত কথাষাৰ গুৰু বেদকণ্ঠ‌ই তেওঁৰ ছাতৰসকলক গুৰুদক্ষিণা আনিবৰ বাবে দিহা দিয়াৰ সময়ত কৈছিল।
খ)"আপুনি মাথোন আমাক কৰ্তব্যহে সোঁৱৰাই দিছে।এতিয়া আমি কি উপায়েৰে ধন-সোণ গোটাই অনিম, অনুগ্ৰহ কৰি আমাক দিহা লগাই দিয়ক।"
উত্তৰ=যেতিয়া পণ্ডিত বেদকণ্ঠ‌ই তেওঁৰ ছাতৰসকলক গুৰুদক্ষিণা আনিবলৈ কৈছিল তেতিয়া এজন বয়সীয়াল ছাতৰে গুৰুদেৱক উক্ত কথাফাঁকি কৈছিল।
গ)"আপোনাৰ পৰাই আমি জানিব পৰিছো,পৃথিৱীত এনে ঠাই নাই,য'ত ঈশ্বৰ নাই।"
উত্তৰ=যেতিয়া গুৰুৱে ছাতৰসকলক গুৰুদক্ষিণাৰ বাবে ধন-সোণ গোটাই অনাৰ উপায় দিছিল, তেতিয়াই সত্যব্ৰত নামৰ এজন ছাতৰে গুৰুক উক্ত কথাষাৰ কৈছিল।

৪)তলৰ কথাখিনিৰ মুলভাব লিখা।
"সকলোতে থাকে তেওঁ প্ৰভু ভগবান,
সকলোকে দেখে তেওঁ সৰ্বশক্তিমান।
সকলোকে জানে তেওঁ জ্ঞানৰ আকৰ,
সত্য তেওঁ,শিৱ তেওঁ,পৰম সুন্দৰ।"
উত্তৰ=প্ৰশ্নোল্লিখিত কথা খিনিৰ দ্বাৰা ইয়াকে বুজাব বিচৰা হৈছে যে-- ভগৱান সকলোতে থাকে।তেখেত থকাৰ কোনো নিৰ্দিষ্ট ঠাই নাই।তেৱেঁই হৈছে সৰ্বশক্তিমান।এই বিশ্বব্ৰহ্মাণ্ডত তেওঁতকৈ আৰু শক্তিশালী কোনো নাই।তেওঁ সকলোকে চিনি পায় বা জানে।তেৱেঁই সত্য আৰু তেওঁৱেই সুন্দৰ।

৫)তলৰ শব্দবোৰৰ সমাৰ্থক শব্দ লিখা।
উত্তৰ=
ধনী = চহকী
দক্ষিণা = দান
উজু = সহজ 
টুটি যোৱা = কমি যোৱা
ডাঙৰ = বৃহৎ

৬)বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা।
উত্তৰ=
আনন্দ = বিষাদ
ধনী = দুখীয়া
গুৰু = শিষ্য
উজু = কঠিন
প্ৰাচীন = আধুনিক

৭)উপযুক্ত বিশেষণ পদেৰে তালিকাখন পূৰ কৰা।
উত্তৰ=
বিশেষণ ------------------------- বিশেষ্য
প্ৰখ্যাত --------- বিশ্ববিদ্যালয়
বিদগ্ধ --------------------- পণ্ডিত
ভাল ------------------------ মানুহ
প্ৰকাণ্ড ------------------------ হাতী
বিখ্যাত ------------------------ গ্ৰন্থ
ভদ্ৰ --------------------------- মহিলা
পকা ------------------------ আম
শুৱলা ------------------------ মাত
                © Copyright applicable
               ***************



Comments

Popular posts from this blog

মাকনৰ চিঠি | Class 3 Assamese chapter 5 question answer | তৃতীয় শ্ৰেণীৰ অসমীয়া