Posts

Showing posts from September, 2021

ময়ূৰ পখীৰ জন্মৰ কাহিনী Class is 3 Assamese Chapter 6 Question Answer | Class 3 Assamese book ankuran question answer lesson 6

Image
ময়ূৰ পখীৰ জন্মৰ কাহিনী Class is 3 Assamese Chapter 6 Question Answer | Class 3 Assamese book ankuran question answer lesson 6 পাঠ নং ৬  ময়ূৰ পক্ষীৰ জন্ম কাহিনী ১/ উত্তৰ দিয়া। ক) স্বৰ্গৰ ৰজাজনৰ নাম কি?  উত্তৰ= স্বৰ্গৰ ৰজাজনৰ নাম ইন্দ্ৰ। খ) তেওঁৰ ৰাজ-সভাৰ নর্তকী চৰাইজনীৰ নাম কি? উত্তৰ= তেওঁৰ ৰাজ-সভাৰ নর্তকী চৰাইজনীৰ নাম বালিমাহী চৰাই। গ) দেৱকন্যাই মর্ত্যলৈ যাওঁতে লগত কি লৈ গৈছিল? উত্তৰ= দেৱকন্যাই  মর্ত্যলৈ যাওঁতে লগত এখন তাঁত-শাল লৈ গৈছিল। ঘ) দেৱকন্যাই তাঁত-শাল খন কিয় নিছিল?  উত্তৰ= দেৱকন্যাই পৃথিৱীৰ সৌন্দৰ্য কাপোৰত বুটা বাছি আনিবলৈ তাঁত-শালখন নিছিল। ২) উত্তৰ লিখা। ক) দেৱকন্যাই পৃথিৱীত কি দেখি বিমুগ্ধ হৈছিল?  উত্তৰ= দেৱকন্যাই পৃথিৱীত সৰিয়হ এডৰা দেখি বিমুগ্ধ হৈছিল। খ) তেওঁ প্ৰথম কিছুদিন তাত কেনেদৰে কটাইছিল?  উত্তৰ= তেওঁ প্ৰথম কিছুদিন তাত বালিমাহীৰ লগত সৰিয়হডৰাৰ  মাজে মাজে আৰু নৈৰ পাৰে পাৰে নাচি নাচি জঁপিয়াই ফুৰি কটাইছিল। গ) দেৱকন্যাই পুনৰ স্বৰ্গলৈ ঘূৰি যাবলৈ কিয় মন মেলিছিল? উত্তৰ= দেৱকন্যাক লাহে লাহে পৃথিৱীৰ ৰূপ সৌন্দৰ্যই আমুৱালে আৰু পু...

মাকনৰ চিঠি | Class 3 Assamese chapter 5 question answer | তৃতীয় শ্ৰেণীৰ অসমীয়া

পাঠ নং ৫          মাকণৰ চিঠি উত্তৰ দিয়া----- ১)ক/ মিস্ত্ৰীজনে প্ৰধান শিক্ষকক কাগজত কি লিখি দিছিল?  উত্তৰ= মিস্ত্ৰীজনে প্ৰধান শিক্ষকক কাগজত তেওঁ কৰা কামৰ বাবদ তেওঁ পাবলগীয়া পইচাৰ হিচাপ লিখি দিছিল। খ) মিস্ত্ৰীজনে স্কুলত কি কাম কৰিছিল?  উত্তৰ= মিস্ত্ৰীজনে স্কুলত বেঞ্চ সজা কাম কৰিছিল। গ) প্ৰধান শিক্ষকে মিস্ত্ৰীজনক টকা কেইটামান দিয়া দেখি মাকণে কি ভাৱিলে?  উত্তৰ= প্ৰধান শিক্ষকে মিস্ত্ৰীজনক টকা কেইটামান দিয়া দেখি মাকণে  ভাবিলে-'ঘৰত দেখোন তায়ো কাম কৰি মাকক সহায় কৰি দিয়ে; তায়ো তেনেহ'লে মাকৰ  পৰা পইচা বিচাৰিব পাৰে দেখোন!  ২)ক/ স্কুলৰ পৰা আহি মাকণে কি কি কৰিলে?  উত্তৰ= স্কুলৰ পৰা আহি মাকণে মাকে বাঢ়ি দিয়া ভাতকেইটা তাই খৰধৰ কৈ খালে। আৰু পঢ়া টেবুলত বহি মাকলে চিঠি লিখিলে। খ) মাকে চিঠিত মাকণৰ বাবে কৰা কি কি কামৰ হিচাপ দিছে?  উত্তৰ= মাকে চিঠিত মাকণৰ বাবে কৰা কাম বোৰ হ'ল- মাকণক তুলি-তালি আঠবছৰীয়া কৰিলে,কাপোৰ-কানি ধুই দিলে আৰু ভাত ৰান্ধি খোৱালে আদি কামৰ হিচাপ দিছে। গ) মাকৰ চিঠিখন পঢ়ি মাকণে কি কি শিকিলে?  উত্তৰ= মাকৰ চিঠিখন ...

আগলি বাঁহত বগলীৰ বাঁহ |Class 3 Assamese chapter 4 question answer | তৃতীয় শ্ৰেণীৰ অসমীয়া

পাঠ নং ৪    আগলি বাঁহত বগলীৰ বাহ ১/ তলৰ প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। ক) আমৰ ডাল কোনে লৰাইছে? উত্তৰ= আমৰ ডাল লʼৰাহঁতে লৰাইছে। খ) আমৰ ডাল লৰোৱা সঁজুলিটো কি? উত্তৰ= আমৰ ডাল লৰোৱা সঁজুলিটো হʼল বৰহাঁকুটি। গ) গছৰ কাষতে কি আছে? উত্তৰ= গছৰ কাষতে এটা খাল আছে। ঘ) বগা বগলীৰ বাহ কʼত আছে? উত্তৰ= বগা বগলীৰ বাহ আগলি বাঁহত আছে। ঙ) আলি-বাটটো কিয় পিছল হৈছে? উত্তৰ= আলি-বাটটো বৰষুণ পৰি পিছল হৈ আছে। ২/ উপযুক্ত স্থানত অʼ-কাৰ (ʼ) বহুৱাই বাক্যটো শুদ্ধ কৈ লিখোঁ আহা। ক) লৰা বিলাকে পথাৰত লৰা-ঢপৰা কৰিছে। =⟩ লʼৰা বিলাকে পথাৰত লৰা-ঢপৰা কৰিছে। খ) মহ টোৱে পথাৰত মহৰ কামোৰত নেজ লৰাইছে। =⟩মহটোৱে পথাৰত মʼহৰ কামুৰত নেজ লৰাইছে। গ) সিহঁতে দলবান্ধি শিৱদল চাবলৈ গৈছে। =⟩সিহঁতে দলবান্ধি শিৱদʼল চাবলৈ গৈছে। ৩/ তলৰ খালী ঠাইত বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। বগা বগলী   ক'লা কাউৰী শুকান ঘাঁহ     কেঁচা ঘাঁহ দুষ্ট ল'ৰা           শান্ত ল'ৰা মিঠা আম        টেঙা আম ৪/ উদাহৰণ টো পঢ়া। তলত দিয়া শব্দকেইটাৰে বাক্য গঠন কৰা। পঢ়------- ৰাহুলে পঢ়ে। ৰাহুলে নপঢ...

class 3 Assamese chapter 3 question answer | ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা | তৃতীয় শ্ৰেণীৰ অসমীয়া |

Image
class 3 Assamese chapter 3 question answer | ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা | তৃতীয় শ্ৰেণীৰ অসমীয়া |  পাঠ ৩ -- ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ১/ কোৱা আৰু লিখা। ক) জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মস্থান। উত্তৰ- ডিব্ৰুগড়। খ) উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ যোৱা ঠাইখন। উত্তৰ- লণ্ডন। গ) তেখেতৰ পূৰ্বপুৰুষ সকল কʼৰ। উত্তৰ- ৰাজস্থানৰ। ঘ) বোলছবিৰ বিষয়ে শিক্ষা লোৱা ঠাইখন। উত্তৰ- বাৰ্লিন। ঙ) জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা প্ৰথম অসমীয়া বোলছবি খনৰ নাম কি?  উত্তৰ- জয়মতী। চ) তেখেতে চৈধ্য বছৰ বয়সতে ৰচনা কৰা নাটক খনৰ নাম। উত্তৰ- শোণিতকুঁৱৰী। ২/ উত্তৰ দিয়া। ক) জ্যোতিপ্ৰসাদ আগৰৱালাক কিয় 'ৰূপকোঁৱৰ' আখ্যাৰে বিভূষিত কৰা হৈছে?  উত্তৰ- অসমীয়া সংস্কৃতিক ন ন ৰূপ দিয়াৰ বাবে জ্যোতিপ্ৰসাদ আগৰৱালাক 'ৰূপকোঁৱৰ'আখ্যাৰে বিভূষিত কৰা হৈছে। খ) জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুৰ দিনটো কিয় 'শিল্পী দিৱস' হিচাপে পালন কৰা হয়?  উত্তৰ- জাতীয় জীৱনলৈ আগবঢ়োৱা অৱদানৰ বাবে তেখেতৰ মৃত্যুৰ দিনটো 'শিল্পী দিৱস' হিচাপে পালন কৰা হয়। ৩/ তলৰ শব্দ বোৰ পাঠত বিচাৰি পঢ়া। দলত আলোচনা কৰি শব্দৰ লগত অর্থ কাঁড...

একতাৰ বল | Class 3 Assamese Chapter 2 Question Answer| তৃতীয় শ্ৰেণীৰ অসমীয়া | SCERT class 3 Assamese question answer

একতাৰ বল | Class 3 Assamese Chapter 2 Question Answer| তৃতীয় শ্ৰেণীৰ অসমীয়া | SCERT class 3 Assamese question answer ---- YOUTUBE - পাঠ 2 - একতাৰ বল  ১) উত্তৰ দিয়া। ক) গাওঁ বুঢ়া মহীকান্তৰ নাতি-নাতিনীয়েকহঁতক লৈ কি হৈছিল? উত্তৰ- গাওঁ বুঢ়া মহীকান্তৰ নাতি-নাতিনীয়েকহঁতক লৈ মহাচিন্তা হৈছিল। খ) সাধুকথা কʼম বুলি কোৱাত নাতি-নাতিয়েকহতেঁ কি কৰিলে?  উত্তৰ- সাধুকথা কʼম বুলি কোৱাত নাতি-নাতিয়েকহতেঁ ককাকৰ কাষত জুম বান্ধিলে। গ) খেতিয়ক জনৰ কেইজন পুতেক আছিল? উত্তৰ- খেতিয়ক জনৰ চাৰিজন পুতেক আছিল। ঘ) পুতেক কেইজনৰ মাজত মিল আছিলনে?  উত্তৰ- পুতেক কেইজনৰ মাজত একেবাৰে মিল নাছিল। ঙ) দেউতাকে পুতেকহঁতক ইকৰা কাঠীবোৰ কি কৰিবলৈ দিলে? উত্তৰ- দেউতাকে পুতেকহঁতক ইকৰা কাঠীবোৰ ভাঙিবলৈ দিলে। চ) ইকৰাৰ মুঠাটো সিহঁতে অকলে ভাঙিব পাৰিলেনে?  উত্তৰ- ইকৰাৰ মুঠাটো সিহঁতে অকলে ভাঙিব নোৱাৰিলে। ছ) মিলিজুলি থাকিলে কি হয়?  উত্তৰ-  মিলিজুলি থাকিলে কেতিয়াও বিপদত নপৰা। ২/ থালখনত থকা শব্দবোৰ পঢ়া। শব্দবোৰৰ অৰ্থ পাচিটোৰ পৰা বিচাৰি নিজৰ বহীত লিখা। উত্তৰ=⟩ জহকালি = গৰমকালি কাণসাৰ= কোনো কথালৈ মনোযোগ দি...

আমাৰ গাঁও | class 3 assamese chapter 1 question answer | class 3 assamese lesson 1 question answer | Polakh Changmai

Image
 আমাৰ গাঁও | class 3 assamese chapter 1 question answer | class 3 assamese lesson 1 question answer | Polakh Changmai  পাঠ ১ : আমাৰ গাওঁ-               ১/কওঁ অহা  ক) পদূলিমুখত কি ফুল ফুলে?  উত্তৰ- পদূলিমুখত গধূলিগোপাল ফুল ফুলে। খ) গাঁৱৰ পুখুৰীত কি হাঁহ চৰে? উত্তৰ- গাঁৱৰ পুখুৰীত ৰাজহাঁহ  চৰে। গ) পথাৰ খন দেখিবলৈ কেনেকুৱা? উত্তৰ- পথাৰ খন দেখিবলৈ সোণালী। ঘ) গাঁৱৰ ৰাইজে মিলিজুলি কি কৰে? উত্তৰ- গাঁৱৰ ৰাইজে মিলিজুলি পাতে মৰমৰ হাট। ঙ) কি কি শুৱনি বস্তুৰে গাঁওখন ভৰি আছে?  উত্তৰ- বাৰী, সোণালী পথাৰ, পুখুৰী, ঔগছ, চৰাই, ৰচকী পখিলা,গৰু-গাই,নদী, নামঘৰ, ফুল আদি শুৱনি বস্তুৰে গাঁওখন ভৰি আছে। চ) পদ্যটিত একেটি  থুপিৰে ফুল বুলি কাক কোৱা হৈছে? উত্তৰ- পদ্যটিত একেটি থুপিৰে ফুল বুলি পদুমী, কদমী, মেলিনা, ছখিনা আদি ফুলক কোৱা হৈছে। ২/ 'আমাৰ গাওঁ' পদ্যটিৰ প্ৰথম আঠশাৰীৰ কথাখিনি নিজৰ কথাৰে কোৱা। উত্তৰ- নিজে কৰিবা। ৩/ পদ্যটি পঢ়ি বুজি নোপোৱা শব্দ বোৰ চিনাক্ত কৰা। সেইবোৰৰ অর্থ দলত আলোচনা কৰি লিখা। উত্তৰ- নিজে কৰিবা। ৪/ লিখা। ক) পদ্যটোত থকা মান...